--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: 'অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনা দুৰ্ভাগ্যজনক৷ চৰকাৰে এই ঘটনাৰ নৈতিক দ্বায়িত্ব স্বীকাৰ কৰিব লাগে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমনৰ পাছতে সংঘটিত হোৱা এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে'- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ৷ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈৰো৷

অসম প্ৰদেশ কংগ্ৰছৰ মতে, অসম-মিজোৰাম সীমান্তৰ এই ঘটনা উত্তৰ-পূবৰ একতা বিঘ্নিত কৰাৰ এক ষড়যন্ত্ৰ হ’ব পাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উত্তৰ-পূবলৈ ফটোছেশ্যনৰ বাবেহে যোৱা বুলি মন্তব্য বৰদলৈৰ৷ এনে সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত ব্যস্ত হৈ থকাতো অশোভনীয় বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ টুইটাৰত সমস্যাৰ সমাধান নহয় বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে৷ ঘটনাৰ বুজ ল’বলৈ অসম-মিজোৰাম সীমান্তলৈ ৰাওনা হ’ব গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ৷ সীমান্তৰ পৰিস্থিতি বুজ ল’ব কংগ্ৰেছৰ প্ৰতিনিধিয়ে৷ এআইচিচিয়ে গঠন কৰিছে ৭ জনীয়া কমিটী৷

সীমান্তলৈ ৰাওনা হয় ভূপেন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, সুস্মিতা দেৱ, ৰকিবুল হুছেইন, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ৷ অসমৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ঘটনাৰ সন্দৰ্ভত এক উচিত তদন্তৰ দাবী আটাইকেইজন সাংসদৰ৷ ঘটনাক গৰিহণা সাংসদ আব্দুল খালেকৰো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?