--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ বন বিভাগে আহ্বান জনালে কাজিৰঙাৰ ব্ৰেণ্ড এম্বেছেডৰ হ'বলৈ আগ্রহী বক্সাৰ লাভলীনা বৰগোহাঁই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি এই মন্তব্য বক্সাৰগৰাকীৰ। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে পৰিয়ালৰ সৈতে কালি কঁহৰাত উপস্থিত হৈছিল অলিম্পিয়ান লাভলীনা বৰগোহাঁই। পৰিয়ালৰ সদস্যৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত জীপ ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্যত আপ্লুত হয় লাভলীনা বৰগোহাঁই। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্রাকৃতিক দৃশ্যৰ লগতে গঁড়, হাতী, হৰিণা, ম'হ, বিভিন্ন প্ৰজাতিৰ পক্ষী আদি দেখা পাই মতব্যক্ত কৰি কয়- কাজিৰঙাৰ এশিঙীয়া গঁড় সম্পর্কে বিদেশতো তেওঁৰ পৰা বহুতে জানিবলৈ বিচাৰে। বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সকলোৰে বাবে গৌৰৱ বুলি মন্তব্য কৰে লাভলীনাই। মাতৃ, পিতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি লাভলীনা বৰগোহাঁয়ে আৰু জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে নিজে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ ৰাজ্যত এনেকুৱা এখন বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আছে য'ত ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্রান্ত তথা বিদেশৰ পৰ্যটকে আহি বন্যপ্রাণী দৰ্শন কৰিব পাৰে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেডৰ হ'বলৈ পালে নিজকে সৌভাগ্যৱান বুলি ভাবিব বুলি মত প্রকাশ কৰে বক্সাৰ লাভলীনা বৰগোহাঁয়ে। আনহাতে, আগন্তুক দুটাকৈ ৱৰ্ল্ড কাপ, ৱর্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপৰ বাবে প্রস্তুতি চলাই থকা বুলি সাংবাদিকৰ আগত সদৰী কৰে অলিম্পিয়ানগৰাকীয়ে। ইফালে যদিহে লাভলীনা বৰগোহাঁই সঁচাকৈয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেডৰ হ'বলৈ আগ্রহী, তেন্তে ই সংৰক্ষণৰ প্রচেষ্টা, বন্যপ্রাণী সুৰক্ষা আৰু উদ্যানখনৰ সৌন্দৰ্যক বহল দৰ্শকৰ আগত প্ৰচাৰ কৰাৰ এক সুন্দৰ সুযোগ হ'ব পাৰে বুলি কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট ছ'চাইটিৰ সভাপতি তৰুণ গগৈয়ে মত প্রকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক খর্গযুক্ত গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, দুষ্প্রাপ্য দল হৰিণা, ম'হ, বিভিন্ন প্ৰজাতিৰ পক্ষী তথা বৈচিত্র্যময় বন্যপ্রাণী আৰু জৈৱ-বৈচিত্র্যৰ বাবে বিখ্যাত। ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সবল উপস্থিতি থকা লাভলীনা বৰগোহাঁইৰ দৰে ব্যক্তি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেডৰ হৈ থাকিলে উদ্যানখনৰ প্ৰতি আৰু ইয়াৰ গুৰুত্বৰ প্রতি অধিক দৃষ্টি আকর্ষণ বৃদ্ধি পাব বুলিও সচেতন মহলে মত ব্যক্ত কৰে।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?