--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ২৪টা প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ ৰিপুণ বৰাৰ৷ north east industrial and investment policy বন্ধ কৰি চৰকাৰে কি নতুন উদ্যোগ অসমলৈ আনিলে বুলি প্ৰথমে প্ৰশ্ন উত্থাপন কৰে বৰাই৷ ১৯৬৯ৰ পৰা ৯০:১০ত কেন্দ্ৰীয় পুঁজি পাই আহিছিল অসমে। বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আহিছিল অসমে। সেয়া নৰেন্দ্ৰ মোদীয়ে কৰ্তন কৰাৰ পিছত বছৰি ৭০০০ ৰ পৰা ৯০০০ কোটি টকা হেৰুৱাইছে। অসমক মোদীয়ে প্ৰতাৰণা কৰা নাই নে? টালি টোপালা বান্ধি কিমান জন বাংলাদেশী গ'ল বুলিও প্ৰশ্ন কৰে বৰাই৷

আৰু পঢ়িব পাৰিব : ছনু ছুডৰ মুম্বাইৰ অট্টালিকাতো বিএমচিৰ বুলডজাৰ!

৬ মাহৰ ভিতৰত ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছিল। সেই প্ৰতিশ্ৰুতিৰ কি হ'ল বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে প্ৰশ্ন কৰে যে, BRGS ৰ পুঁজি কিয় বন্ধ কৰি দিলে? গুৱাহাটীৰ স্মাৰ্ট চিটী ক'লৈ গ'ল? কি হ'ল? জাতি মাটি ভেটিৰ শ্লোগান দি ২৭ খন লাভজনক তৈল ক্ষেত্ৰ ব্যক্তিগত কোম্পানীক দিলে। গোপীনাথ বৰদলৈৰ নামত থকা বিমানবন্দৰ বিক্ৰী কৰিলে, কামাখ্যা ৰে'ল ষ্টেচন ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে মোদীয়ে৷ বৰাই লগতে অভিযোগ কৰে যে, কংগ্ৰেছে গঢ়ি যোৱা সম্পদবোৰ বিক্ৰী কৰি এতিয়া দেশ চলাইছে মোদীয়ে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে গঢ়াৰ প্ৰতিশ্ৰুতি ক'লৈ গ'ল বুলিও তেওঁ প্ৰশ্ন কৰে।

আৰু পঢ়িব পাৰিব : ট্ৰাম্পৰ নীতি সলনিৰ বাবে সাজু বাইডেন, ইছলামিক দেশলৈকো সকাহ!

আনহাতে প্ৰায় ৮০০০০ কোটি টকাৰ ঋণ ল'বলগীয়া হোৱাৰ বাবে অসমৰ চৰকাৰক অকৰ্মন্য আখ্য ৰিপুন বৰাৰ। আজি জন্ম পোৱা অসমৰ এটি শিশুৰ মূৰত ৩৫৬৯০ টকাৰ ঋণ। এয়া অষ্টলক্ষ্মীৰ দেশ হয়নে? অসমীয়াৰ স্বাভিমানক আঘাত কৰি বলপূৰ্বকভাৱে ‘কা' জাপি দিলে। আৰু আমাৰ মাজত বিভাজন আনিলে। অসম চুক্তিৰ আত্মাক টেঁটুচেপি হত্যা কৰিলে বুলিও অভিযোগ কৰে ৰিপুণ বৰাই।

তেওঁ প্ৰশ্ন কৰে যে, অসমৰ কাগজ কল দুটা কিয় বন্ধ কৰিলে? কিয় বিক্ৰী কৰিবলৈ ওলাইছে?আপুনি অসমৰ প্ৰাপ্য জিএছটিৰ অংশ কিয় মুকলি কৰি নিদিলে? অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ওলাই যোৱাৰ পাছতো মোদী চৰকাৰে কিয় তাক আওকাণ কৰি ৰাখিলে বুলিও তেওঁ প্ৰশ্ন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?