--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি তুলি ধৰা বিহুগীতবোৰক মানুহৰ মনলৈকে কঢ়িয়াই নিয়া কণ্ঠ হেৰাই গ'ল। প্ৰতিজন অসমীয়াৰ শৈশৱ কৈথা যৌৱন মোহাছন্ন কৰি ৰখা আপোন মাতটো হেৰাই গ'ল। সাতবিহুৰ মাজতে বিহুগীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। সৰুৰে পৰা সংগীতৰ সৈতে জড়িত ভিতালী দাসৰ জন্ম ১৯৭৯চনৰ ৬জুনত উত্তৰ গুৱাহাটীৰ মাজগাঁওত। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত পঢ়ি থকা সময়ছোৱাতে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ সন্মান। পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত কলেজীয়া জীৱন আৰম্ভ কৰা ভিতালী দাসে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ নিজ প্ৰতিষ্ঠানখনক প্ৰতিনিধিত্ব কৰিছিল। কায়িকভাৱে ভিতালী দাস আমাৰ মাজত নাই যদিও তেওঁৰ গীত-মাত কথা আৰু কন্ঠেৰে অসমীয়াৰ মন মাজুলীত চিৰদিন জীয়াই থাকিব। ‘জোনবাইৰ দেশত ঘৰ সাজিব খোজা’ শিল্পীগৰাকীৰ বিয়োগত সামাজিক মাধ্যমযোগে তেওঁৰ সান্নিধ্য লাভ কৰা অসংখ্যজনে স্মৃতিৰ মুকুতামালা গুঠিছে।

আৰু পঢ়িব পাৰিব: বহিঃৰাজ্যৰ ব্যক্তি প্ৰৱেশৰ ক্ষেত্ৰত মেঘালয়ত নিষেধাজ্ঞা জাৰি


অসমৰ প্ৰান্তে প্ৰান্তে বিহুগীতৰ কৰ্মশালাত অংশগ্ৰহণ আৰু বিহুগীতৰ জৰিয়তে জাতিটোক প্ৰতিনিধিত্ব কৰা গুণী, প্ৰতিভাৱান শিল্পীগৰাকীয়ে অসংখ্য বিহুগীতত কন্ঠ নিগৰাইছে। জুবিন গাৰ্গ, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া আদি বহুকেইগৰাকী শিল্পীৰ সৈতে তথা এককভাৱেও পাঁচ হাজাৰৰো অধিক গীতত কন্ঠদান কৰিছিল শিল্পীগৰাকীয়ে। ৪১বছৰীয়া শিল্পীগৰাকীয়ে স্বামী আৰু ১৫বছৰীয়া কন্যা সন্তানক এৰি গৈছে।

সাতবিহুৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই জৰ্জ খেলপথাৰত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত ১৪এপ্ৰিল তাৰিখ গীত পৰিৱেশন কৰি অমিয়া মাতেৰে শ্ৰোতাসমাজক মোহাছন্ন কৰা শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰাৰ পাছতহে জনাইছিল শাৰীৰিক অসুস্থতাৰ কথা। পিছদিনা কোভিড টেষ্ট কৰাইছিল যদিও ১৬এপ্ৰিলত ফলাফল অহালৈকে শিল্পীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু ততাতৈয়াকৈ জিএমচিএইচ হাস্পতালত ভৰ্তি কৰোঁৱা হয়। ইয়াৰ পূৰ্বে তেওঁৰ স্বামী আৰু শিল্পীগৰাকীয়ে নিজে শাৰীৰিক অসুস্থতাৰ বাবে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰাইছিল। সকলোৱে ভবাৰ দৰে পূৰ্বৰ দৰে শিল্পীগৰাকীয়ে এইবাৰো সুস্থ শৰীৰে উভতি আহিব বুলি আশা কৰিছিল যদিও হাস্পতালত ভৰ্তি কৰোঁৱাৰ দুদিন পাছতে তেওঁক ভেন্টিলেছনৰ ছাপ’ৰ্ট দিব লগা হয়।

আৰু পঢ়িব পাৰিব: ফোপোলা ভাষণ নালাগে, দেশে সমাধান বিচাৰিছে…

সামাজিক মাধ্যমযোগে আপোন শিল্পীগৰাকীৰ বিয়োগত তৰালি শৰ্মাই শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এনেদৰে, ‘ভিতালী বা ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম? কিমান স্মৃতি, কিমান কাহিনী, কিমান গীত! সেই পুহ, মাঘ, ফাগুণ, চ'ত, ব'হাগত আমাৰ এৰাব নোৱাৰা ব্যস্ততা৷ সেইযে উত্তৰ গুৱাহাটীৰ পৰা পুহ মাহৰ কুঁৱলী ফালি ফালি পুৱাই গুৱাহাটী আহে আপুনি; সেইযে আপোনাৰ স্কুটী খনৰ পাছফালে উঠি এটি ষ্টুডিঅ'ৰ পৰা আন এটি ষ্টুডিঅ'ত দিনৰ দিনটো, ৰাতিটো, এদিন- দুদিন, এমাহ, দুমাহ, একেলগে কটোৱা সময়বোৰ… একেলগে গোৱা গীতবোৰ… সেই সৰু সৰু ধেমালিবোৰ… সৰু সৰু কথাবোৰ…
ৰঞ্জিত দা, বিমান দা, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, মানস ৰবীন, জান, পৰমেশ্বৰ দা, জিন্টি, জয়ন্ত দা, সোমনাথ দা, শান্তা বাইদেউ, ভদ্ৰ দা, জে ডি দা, নীতু বা, অনিতা বা, প্ৰসেন দা, দেৱেশ্বৰ দা, নিৰ্মালী বা, বৰ্ণালী, সুবাসনা….আৰু আমাৰ সেই সময়বোৰ!
আপোনাৰ কোনটো বিহুগীতৰ কথা ক'ম? জানমণি, অঞ্জনা, জোনবাই, নাহৰ, তগৰ, বাখৰ… আপুনি যিটো গীতেই গাই সেইটোৱেই যে জনপ্ৰিয় হৈছিল! আৰু আপোনাৰ মাতটো! আপোনাৰ মাততেই যে ব'হাগ বিচাৰি পাওঁ! কোৱা নহ'ল কাহানিও, কিন্তু আপুনি জানিছিল কিমান ভাল পাওঁ আপোনাক…
স্মৃতিবোৰ আলফুলে ৰাখিম জীৱনলৈ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?