হেমেন দাস
১৯৮৩ চন। অসমত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী। ১৯৭৯ চনত আৰম্ভ হোৱা বিদেশী বিতাৰণ আন্দোলন তুংগত। ১৯৮০ চনত ছাত্র সন্থাই শিক্ষানুষ্ঠান অৰ্থাৎ স্কুল-কলেজ বন্ধৰ কাৰ্যসূচী লয়। বিধায়ক ঘেৰাওঁ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সভা-সমিতি নিষিদ্ধ কৰে। প্লাইউড, মৰাপাট আদি অসমৰ বাহিৰলৈ যোৱাত বাধা দিয়ে।
বাঁওপন্থী দলৰ কৰ্মী সমৰ্থকৰ ওপৰত আক্ৰমণ কৰি বহুজনক হত্যা কৰে, ঘূণীয়া কৰে, ঘৰৰ পৰা খেদে, স্কুল-কলেজৰ শিক্ষকক স্কুল-কলেজলৈ যাব নোৱৰা কৰে। স্বাধীনতা দিৱস, গণৰাজ্য দিৱস বৰ্জন কৰে, জনতা কাৰ্ফিউ দিয়া আদি কামৰ ফলত অধ্যয়নৰ পৰা দীর্ঘদিন ছাত্ৰ-ছাত্রী সকলক আঁতৰাই ৰাখে। এনে এক অস্বাভাৱিক পৰিস্থিতিত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্রী হৈ চৰকাৰ গঠন কৰে ১৯৮৩ চনত। শিক্ষামন্ত্রী হয় মুকুট শৰ্মা। দুয়োজনে চিন্তা কৰিছিল কেনেকৈ এনে অৱস্থাৰ অৱসান কৰিব পৰা যায়। বিশেষকৈ ছাত্রসকলৰ পঢ়া শুনাৰ কথা, কেনেকৈ তেওঁলোকক অধ্যয়নমুখী কৰিব পৰা যায়।
দুয়োজনে এই বিষয়ে আলোচনা কৰি থকা সময়ত এদিন ময়ো তেওঁলোকক সংগ দিছিলোঁ। তেতিয়া কলকাতাৰ বইমেলাৰ কথা ওলাল। তাৰ পাছত তেওঁলোকে শিক্ষা আয়ুক্ত অৰুণোদয় ভট্টাচার্যক মাতি আনি আলোচনা কৰি ঠিক কৰে যে অসমত তেনে এখন মেলা কৰিব লাগে। আন্দোলনকাৰীসকলে হিতেশ্বৰ শইকীয়া চৰকাৰখনক অবৈধ চৰকাৰ ঘোষণা কৰিছে। এনে অৱস্থাত চৰকাৰে আয়োজন কৰা বা পতা কিতাপৰ মেলাও বৰ্জিত হ’ব।
উপায়টো উলিয়ালে শইকীয়াই। ইয়াৰ দায়িত্ব দিয়া হওক প্ৰকাশন পৰিষদক। পৰিষদৰ সচিব চন্দ্রপ্ৰসাদ শইকীয়াক মাতি আনি কথাটো কোৱাত তেওঁ আনন্দ প্ৰকাশ কৰি কামটো কৰিব পাৰিব বুলি ক’লে। এইদৰে ‘গুৱাহাটী গ্ৰন্থমেলা’ৰ মাজেৰে অসমত গ্ৰন্থমেলা ভূমিষ্ঠ হ’ল।