--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তিনি দশকৰো অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁ আধিপত্য বিস্তাৰ কৰি আছে৷ ১২৫ খনতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ৷ তেওঁ হ’ল বলীউডৰ ছল্লু ভাই খ্যাত ছলমান খান৷ বলীউডৰ ভাই ছলমানে তেওঁ শক্তিভৰা প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি আহিছে। আজি বলীউড ভাইজানৰ জন্মদিন৷ ছলমানে আজি ৫৬ বছৰ বয়সত ভৰি দিলে৷ পানভেল ফাৰ্ম হাউছত তেওঁৰ ৫৬সংখ্যক জন্মদিনৰ পৰিয়ালৰ কেইজনমান ঘনিষ্ঠলোকৰ সৈতে জন্মদিন উদযাপন কৰিছে ছলমান খানে। ছলমানৰ অসংখ্য গুণমুগ্ধৰ লগতে বলীউড তাৰকাসকলে সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই পেলাইছে অভিনেতাজনক৷

পিছপৰি ৰোৱা নাই বলীউডৰ চিকনী চামেলী কেটৰিনা কাঈফো৷ ব্যতিক্ৰমী ৰূপত কেটে ছল্লু ভাইক জনালে জন্মদিনৰ শুভেচ্ছা৷ কেটে তেওঁৰ ইনষ্ট্ৰাগাম একাউণ্টত ছলমানক শুভেচ্ছা জনাই লিখিছে- “@beingsalmankhan জন্মদিনৰ শুভেচ্ছা আপোনালৈ (এটা বগা হৃদয়ৰ ইমোজি) আপোনাৰ সৈতে থকা পোহৰ, প্ৰেম, বুদ্ধিমত্তা আপোনাৰ বাকী জীৱনৰ বাবে আপোনাৰ সৈতে সদায়েই থাকক।” কেটে পোষ্টটোৰ সৈতে ছলমানৰ এখন একৰঙী ফটোও সন্নিৱিষ্ট কৰিছে৷

কেটৰিনাৰ জন্মদিনৰ শুভেচ্ছা বাৰ্তা ছলমানলৈ…

উল্লেখ্য যে, কেটৰিনা কাঈফ আৰু ছলমান খান দুয়োজনে তেওঁলোকৰ জন্মদিনত ইজনে সিজনক শুভেচ্ছা জনাবলৈ কোনোবাৰেই পাহৰা নাই৷ যেতিয়া ২০২১চনৰ ১৬ জুলাইত কেটৰিনাৰ বয়স ৩৮ বছৰ হৈছিল, ছলমানে দুয়োৰে এখন ধুনীয়া ফটো পোষ্ট কৰিছিল, আৰু এক শুভেচ্ছা বাৰ্তা লিখিছিল।

ইয়াৰ মাজতে, ছলমানৰ এক দুৰ্ঘটনা সংঘটিত হয়। ছলমানক শনিবাৰে নিশা এটা বিষহীন সাপে দংশন কৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাত তেওঁক এণ্টি-পইজন বেজি দিয়া হৈছিল। বৰ্তমান ছলমান খান সম্পূৰ্ণ সুস্থ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?