ডিজিটেল ডেস্কঃ নিমখ অবিহনে খাদ্য সোৱাদহীন। সকলো মানুহে সমানে নিমখ নাখায়। কিছুমানে জিভাত লগাকৈ আৰু কিমানে পাতলীয়া জুতিতহে নিমখ খায়। কিছুমানে আকৌ একেবাৰে নিমখ নাখায়। যিকি নহওঁক ,অত্যাধিক নিমখ খাব নালাগে। কিন্তু অত্যাধিক নিমখ খালে শৰীৰত নানান ক্ষতি হ'ব পাৰে।
নিমখত যথেষ্ট ছডিয়াম আছে। সেয়ে অতিৰিক্ত নিমখ খালে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰত পৰিব পাৰে। অলপ ছডিয়াম শৰীৰৰ বাবে ভাল, কিন্তু যদি ই অত্যাধিক হৈ পৰে, ই বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। সেইকাৰণে কমকৈ নিমখ খোৱাৰ পৰামৰ্শ দিয়া হয়।
অতিৰিক্ত নিমখে কি ক্ষতি কৰিব পাৰে?
প্ৰথমতে, অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। কোৱা হয় যে কেঁচা নিমখ খোৱাৰ ফলত ছডিয়ামৰ স্তৰ আৰু বেছি বৃদ্ধি হয়। ই ৰক্তচাপ বৃদ্ধি কৰাৰ আশংকাও বৃদ্ধি কৰে। ইয়াৰ উপৰি অধিক নিমখ খোৱা লোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকাও বৃদ্ধি হয়।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি, দিনে ১.৫ চাহ চামুচতকৈ অধিক নিমখ খোৱাটো কাৰো বাবে সঠিক কথা নহয়। এই পৰিমাণৰ নিমখত ৩৪০০ মিলিগ্ৰাম ছডিয়াম থাকে। যদি শৰীৰত ইয়াতকৈ অধিক ছডিয়াম প্ৰৱেশ কৰে তেন্তে ৰোগৰ আশংকাও বৃদ্ধি হয়।সেয়ে যিমান পাৰি নিমখ কমাই খাওঁ আহক। অতিৰিক্ত কেঁচা নিমখ পৰাপক্ষত নোখোৱাই ভাল।