--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ড্ৰেগন ফ্ৰুটৰ বহুতো স্বাস্থ্যসন্মত উপকাৰিতা আছে। ইয়াত যথেষ্ট পৰিমাণ ভিটামিন-‘চি’ পোৱা যায়। যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কৰ্কট ৰোগৰ পৰা ডায়েবেটিছ ৰোগ নিৰাময়তো এই ফল অতি ফলপ্ৰসূ। এই ফলে বেয়া কলেষ্টেৰল কমাই হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ড্ৰেগন ফ্ৰুট খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস হয়।

আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে ড্ৰেগন ফ্ৰুট খোৱাৰ পাছত তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ডায়েবেটিছ ৰোগীসকলে দৈনিক খাদ্যৰ তালিকাত ড্ৰেগন ফ্ৰুট অন্তৰ্ভুক্ত কৰি সমস্যাৰ পৰা মুক্তি পাব পাৰে। বয়সৰ লগে লগে ডায়েবেটিছ ৰোগৰ পৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত এই ফল অতি ফলপ্ৰসূ। গৰ্ভৱতী মহিলাসকলৰ বাবেও এই ফল অতি উপকাৰী।

বয়সৰ ছাপ দূৰ কৰি ছালখনক শক্তিশালী কৰি ৰাখিবলৈ এন্টি-অক্সিডেন্টৰ অতি প্ৰয়োজন। ড্ৰেগন ফ্ৰুটত এন্টি-অক্সিডেন্টৰ উৎস বুলি কোৱা হয়। ড্ৰেগন ফ্ৰুটে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এই ফলত কেৰটিন থাকে, যিয়ে শৰীৰত থকা টিউমাৰবোৰ ধ্বংস কৰিব পাৰে।এই ড্ৰেগন ফ্ৰুটত ৰোগ প্ৰতিৰোধ কৰাৰ সকলো শক্তি আছে। বিশেষকৈ এই ড্ৰেগন ফ্ৰুটত ভিটামিন-‘চি’ প্ৰচুৰ পৰিমাণে থাকে। ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুণ্ণ হৈ থাকে। নিয়মিতভাৱে এই ফল খালে শৰীৰ সুস্থ হৈ থাকে।সেয়েহে দৈনন্দিন খাদ্য তালিকাত ড্ৰেগন ফ্ৰুট অন্তৰ্ভুক্ত কৰিব পাৰে। ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে পাচনতন্ত্ৰক সঠিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যিটো বদহজমতো ফলপ্ৰসূ।

এই ফলে বেয়া কলেষ্টেৰল হ্ৰাস কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ড্ৰেগন ফ্ৰুট খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়। তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হলে প্ৰায়ে ৰক্তবাহী নলীবোৰ বন্ধ হৈ মগজুলৈ তেজৰ গতিত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ডিঙি আৰু মূৰ-পিঠিত তীব্ৰ বিষ অনুভৱ হয়। তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে হৃদস্পন্দন অনিয়মিত হব পাৰে। যাৰ পৰা ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়। অতিৰিক্ত চৰ্বি থকা খাদ্য খালেও যিকোনো সময়তে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে।নিয়মীয়া ফলমূল আৰু শাক-পাচলিৰ লগতে ড্ৰেগন ফ্ৰুট দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?