--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বায়ুমণ্ডলত কাৰ্বন ডাই অক্সইড মাত্ৰা ব্যাপক হাৰত বৃদ্ধি হোৱাটোৱে সমগ্ৰ মানৱ জাতিৰ বাবেই কঢ়িয়াই আনিছে অশনি সংকেত। অভিলেখ হাৰত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধিয়ে মানৱ জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই অনাৰ উপক্ৰম ঘটাইছে ভয়ংকৰ সংকট। শেহতীয়া এক তথ্য অনুসৰি বায়ুমণ্ডলত কাৰ্বডাই অক্সাইডৰ মাত্ৰা বৃদ্ধিৰ হাৰ এতিয়া অতি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ই সকলোৰে কাৰণে উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে।

 

পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণে মে মাহত এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে। কাৰ্বন নিৰ্গমণ নিৰন্তৰ বৃদ্ধি হৈ আছে। ই ঔদ্যোগিক বিপ্লৱৰ আগৰ কাৰ্বনৰ স্তৰতকৈ ৫০ শতাংশ অধিক বুলি চিহ্নিত কৰা হৈছে। ঊনবিংশ শতিকাৰ শেষৰ ফালে তেল, গেছ আৰু কয়লা বৃহৎ পৰিমাণে জ্বলিবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ নেচনেল অছেনিক এণ্ড এটমোছফেৰিক এডমিনিষ্ট্ৰেচনৰ ফলৰ পৰা মুকলি কৰা তথ্যই কাৰ্বনৰ স্তৰৰ ব্যাপক বৃদ্ধিৰ তথ্য নিশ্চিত কৰিছে।

 

বিজ্ঞানীসকলে ৩ জুনত ঘোষণা কৰিছিল যে নেচনেল অছেনিক এণ্ড এটমোছফেৰিক এডমিনিষ্ট্ৰেচনৰ  বতৰ বিজ্ঞাৱ ষ্টেচনে হাৱাই দ্বীপৰ মৌনা লোয়া আগ্নেয়গিৰিৰ বায়ুমণ্ডলৰ কাৰ্বনৰ উপস্থিতিৰ তথ্য অনুসন্ধান কৰিছিল। মে মাহত, কাৰ্বন ডাই অক্সাইড প্ৰতি নিযুতত ৪২১ স্তৰত উপনীত হৈছিল, যি এতিয়ালৈকে মানৱ ইতিহাসত সৰ্বাধিক। এই গৱেষণা কৰা গৱেষসকলে সদৰি কৰে যে বায়ুমণ্ডলত এতিয়া ৪ নিযুত বছৰৰ তুলনাত সৰ্বাধিক পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আছে। সমগ্ৰ বিশ্বৰ বায়ুমণ্ডললৈ শক্তি প্ৰকল্প, অটোমোবাইল আৰু অন্যান্য উৎসৰ পৰা বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড এৰি দিয়া হৈছে।

২০২১ চনত কাৰ্বন নিৰ্গমনৰ হাৰ আছিল ৩৬.৩ বিলিয়ন টন, যি মানৱ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক। শেহতীয়া অধ্যয়ন চলোৱা সংস্থাটোৰ এগৰাকী বিষয়া ৰিক স্পিনৰাডে কৈছিল যে মানুহে অৰ্থনীতিৰ বাবে আমাৰ জলবায়ু নিৰন্তৰ সলনি কৰি আছে, আনহাতে ই আমাৰ আন্তঃগাঁথনিৰ সৈতে খাপ খাব লাগিব। আমি প্ৰতিদিনে আমাৰ চাৰিওফালে বতৰৰ পৰিৱৰ্তনৰ পৰিণাম দেখিআছো। নতুন তথ্যই আমাক পুনৰ সতৰ্ক কৰি দিছে যে এতিয়া প্ৰয়োজনীয় আৰু কঠোৰ পদক্ষেপ লোৱাৰ সময়।

 

গ্লোবেল মনিটৰিং লেবৰেটৰীৰ এজন জ্যেষ্ঠ বিজ্ঞানী পিটাৰ টেন্সে কয় যে ২০২০ চনত কৰনা ভাইৰাছ সৃষ্ট মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ইয়াৰ স্তৰ হ্ৰাস পাইছিল। কিন্তু ই দীৰ্ঘদিন ধৰি কোনো প্ৰভাৱ প্ৰদৰ্শন কৰা নাছিল। পৰিৱেশত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীও গৰম হৈ আহিছে। ইয়াৰ ফলত বানপানী, মাৰাত্মক গৰম, খৰাং আৰু বনজুইৰ ঘটনা দেখা গৈছে। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?