--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : পেগাছাছ চোৰাংচোৱাগিৰি কাণ্ড সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি বিৰোধী দলৰ নেতা, সাংবাদিক আৰু আনসকলক লক্ষ্য কৰা বুলি প্ৰকাশিত বাতৰি যদি সঁচা হয় তেন্তে এয়া এক গুৰুতৰ অভিযোগ। দেশৰ ৰাজনীতিত তোলপাৰ লগোৱা এই বিষয় সম্পৰ্কীয় ভালেমান আৱেদনৰ আজি শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বৰ দুজনীয়া বিচাৰপীঠে আবেদনকাৰীসকলক তেওঁলোকৰ আৱেদনৰ প্ৰতিলিপি চৰকাৰক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ সূৰ্য কান্ত বিচাৰপীঠখনৰ আনগৰাকী সদস্য আছিল। ন্যায়ালয়ে শুনানিৰ সময়ত চৰকাৰৰ প্ৰতিনিধি উপস্থিত থাকিব লাগিব বুলি উল্লেখ কৰি মঙলবাৰে পুনৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, ‘এডিটৰ্ছ গীল্ড অব্ ইণ্ডিয়া’ই দুদিন আগতে দাখিল কৰা এখন আৱেদনত উচ্চতম ন্যায়ালয়ক স্পাইৱেৰ চুক্তি সম্পৰ্কীয় তথ্য আৰু ইয়াৰ জৰিয়তে লক্ষ্য হিচাপে লোৱা লোকসকলৰ তালিকাৰ সবিশেষ চৰকাৰৰ পৰা বিচাৰিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছিল। একেটা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আগতে আন দুখন আবেদন দাখিল কৰা হৈছিল। চিপিএমৰ সাংসদ জন ব্ৰিটাছ আৰু অধিবক্তা এম এল শৰ্মাই এই আবেদন দুখন দাখিল কৰিছিল। ইয়াৰ পূৰ্বে, জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰে অনৈতিক চোৰাংচোৱাগিৰি অভিযোগৰ তদন্তৰ বাবে প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰাৰ দাবী কৰিছিল। আবেদনকাৰীৰ হৈ অধিবক্তা কপিল ছিবালে আজি কয়, চৰকাৰে এই সম্পৰ্কীয় চুক্তিৰ সবিশেষ তথা কাৰ সৈতে এই চুক্তি কৰা হৈছিল সেয়া আমাক জনাব লাগিব।’


উল্লেখ্য যে, ‘দ্য ৱায়াৰ’কে ধৰি কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমে পেগাছাছ সম্পৰ্কীয় প্ৰতিবেদনত প্ৰকাশ কৰিছে যে, ইজৰাইলী স্পাইৱেৰ পেগাছাছ যোগান ধৰা এনএছঅ'ৰ লিক ডাটাবেছত ভাৰতৰ ৩০০টা ফোনৰ সাম্ভাব্য লক্ষ্যৰ তালিকাত আছে। অৱশ্যে, এইটো সকলো ফোন হেক কৰা হৈছিল বুলি নিশ্চিত নহয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰ, দুজন কৰ্মৰত কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, ৪০জন সাংবাদিককে ধৰি ভালেমান লোকৰ নাম এই তালিকাত থকা বুলি প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?