ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মীয়মাণ অৱস্থাত আছে এক মছজিদ৷শ্ৰী ৰামচন্দ্ৰ মন্দিৰ নিৰ্মাণৰ প্ৰসংগই চৰ্চা লাভ কৰা সময়তে এই নিৰ্মীয়মাণ মছজিদটোৱেও শিৰোনাম দখল কৰিছে৷ মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ আৰফাত শ্বেখৰ মতে, এই মছজিদত পাঁচটা মিনাৰ থাকিব, যিবোৰ ইছলামৰ পাঁচটা স্তম্ভ- নামাজ, ৰোজা, জাকাত, তৌহীদ আৰু হজৰ প্ৰতীক হ’ব।
এফালে অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ উদ্বোধন হ’বলৈ গৈ থকাৰ বিপৰীতে আনফালে ২৬ কিলোমিটাৰ দূৰৈৰ ধনীপুৰতো মহম্মদ বিন আব্দুল্লাহ মছজিদ নিৰ্মাণৰ কাম চলি আছে। তথ্য অনুসৰি এই মছজিদত নিৰ্মাণ কৰা পবিত্ৰ গ্ৰন্থ কোৰানৰ ৰং গেৰুৱা হ’ব।
মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ হাজী আৰাফাত শ্বেখে কয় যে এই মছজিদত বিশ্বৰ সৰ্ববৃহৎ কোৰান থাকিব, যিখন ২১ ফুট উচ্চতা আৰু ৩৬ ফুট বহল হ’ব৷
আৰফাত শ্বেখে আৰু দাবী কৰে যে মহম্মদ বিন আব্দুল্লাহ মছজিদৰ সৌন্দৰ্যই আনকি তাজমহলকো চেৰ পেলাব। এই মছজিদত পুৰুষ-মহিলাকে ধৰি ৯০০০ ভক্তিপ্ৰাণে একেলগে নামাজ আগবঢ়াব পাৰিব।মহম্মদ বিন আব্দুল্লাহ মছজিদত চিকিৎসাৰ পৰা শিক্ষাৰ বহু সুবিধা উপলব্ধ হ’ব। ইয়াৰ লগতে নিৰামিষ পাকঘৰো থাকিব, য’ত অতিথিসকলক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হ’ব।