--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাৰম্ভিক বিফলতা পাহৰি জয়ৰ পথলৈ উভতি আহিছে চেন্নাই ছুপাৰ কিংছ। ইফালে আনটো দলে অৰ্জন কৰিছে বিফলতাৰ হেট্ৰিক। এফালে, অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত প্লে’অফৰ সপোন দেখিছে চেন্নাই ছুপাৰ কিংছে। আনহাতে, ফাফ ডুপ্লেছি, বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে জয়ৰ পথলৈ উভতিব বিচাৰিছে। কঠিন মেচত সমুখ সমৰত দুই দল। প্লে’অফৰ বাবে যোগ্যতা অৰ্জনকাৰী মেচত জয়ী হ’ব লাগিব দুয়োটা দল।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ আইপিএলৰ আৰম্ভণিৰ পৰাই আশানুৰূপ প্ৰদৰ্শন তুলি ধৰিব পৰা নাই চেন্নাই ছুপাৰ কিংছে। লীগ মেচৰ প্ৰথম ৮খন খেলৰ মাত্ৰ দুখনহে জয়ী হৈছে চেন্নাই। ৰবীন্দ্ৰ জাদেজাই ৮খন খেলৰ পাছত অধিনায়কত্বৰ পৰা আঁতৰি গৈছিল। চেন্নাইক আগুৱাই লৈ যোৱাৰ দায়িত্ব পৰিল ধোনীৰ কান্ধতে।দলৰ স্বাৰ্থত ধোনীয়েও জনাইছিল সন্মতি। নেতৃত্ব গ্ৰহণৰ পাছতে প্ৰথমখন মেচত জয়ী হৈছে চেন্নাই। এই মুহূৰ্তত, চেন্নাইয়ে ৯ খন মেচত ৬ পইণ্ট সংগ্ৰহেৰে নৱম স্থানত আছে।  বাকী থকা ৫খন মেচত জয়ী হ’লে ১৪ খন মেচৰ পৰা ১৬ পইণ্ট লাভ কৰিব চেন্নাইয়ে।

আনহাতে, ভাল-বেয়াৰ মাজেৰেই দিন অতিবাহিত কৰিছে বাংগালুৰুৱে। প্ৰথম ৭খন মেচৰ ৫খনত জয়েৰে ভাল স্থানত আছিল বাংগালুৰু। কিন্তু পৰৱৰ্তী ৩খন মেচত পৰাজিত হোৱাৰ পিছত চাপত আছে বিৰাট বাহিনী। চেন্নাইৰ বিৰুদ্ধে পৰাস্ত হ’লে প্লে-অফৰ সপোন সপোন হৈয়ে ৰ’ব আৰচিবিৰ বাবে।সম্প্ৰতি, বাংগালুৰু ১০ খন মেচত ১০ পইণ্ট সংগ্ৰহেৰে তালিকাৰ পঞ্চম স্থানত আছে। যদি আৰচিবি-এ বাকীথকা ৪খন মেচত জয়ী হয় তেতিয়া ১৪ খন মেচত ১৮ পইণ্ট লাভ কৰিব দলটোৱে।

স্মৰ্তব্য যে, ধোনীৰ প্ৰত্যাৱৰ্তনে অধিক উচ্ছসিত কৰি তুলিছে চেন্নাইৰ ক্ৰিকেটাৰসকলক। ৰিতুৰাজ গায়কৱাড় আৰু ডেভন কনৱেই হায়দৰাবাদৰ বিৰুদ্ধে ভাল বেটিং কৰিছে। বলিঙৰ দিশৰ পৰা ছন্দত আছে মুকেশ চৌধুৰী। ইফালে লাহে লাহে হেৰুৱা ছন্দ উভতাই পাইছে কোহলীয়ে। কোহলীয়ে ফৰ্মলৈ উভতি অহা কথাটোৱে যিদৰে টীম মেনেজমেণ্টক সুখী কৰি তুলিছে তেনেদৰে অধিনায়ক ডু প্লেচি আৰু উইকেটৰক্ষক দীনেশ কাৰ্তিকৰ দুৰ্বল ফৰ্মে উদ্বিগ্ন কৰি তুলিছে।

তেনেস্থলত পৰাজয়ৰ হেট্ৰিক পাহৰি ধোনী বাহিনীৰ বিৰুদ্ধে আকাংক্ষিত বিজয় পাবলৈ সক্ষম হ’ব নে আৰচিবি-এ কিম্বা প্লে’অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’বনে চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?