--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ পম খেদি এখুজি-দুখুজিকৈ আজি সম্পূর্ণ আঠটা বছৰত পদার্পণ কৰিলে 'আমাৰ ভূপেনদা' সংগীতৰ এই মহাযুদ্ধই। ২০১৩ চনত প্রাগ নিউজৰ এটি প্রচেষ্টা আজি অসমবাসীৰ অফুৰন্ত প্ৰেমৰ বিনিময়ত ২০২৫ বৰ্ষত সফলতাৰে আৰম্ভ হ'বলৈ গৈ আছে 'আমাৰ ভূপেনদা ছিজন-৮'।

সাতটা বছৰৰ সফল সমাপ্তিৰে অসমৰ সাংস্কৃতিক তথা সংগীতৰ জগতত 'আমাৰ ভূপেনদা' এই অনুষ্ঠানটি আজি উত্তৰ-পূব ভাৰতৰ একমাত্র মেগা মিউজিকেল ৰিয়েলিটি শ্ব' হিচাপে স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি • আৰু সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰাগ নিউজৰ এক আপ্রাণ চেষ্টা 'আমাৰ ভূপেনদা'। এয়া আৰম্ভণিহে মাথোঁ। এই যাত্রাত লাগে মাথোঁ আপোনালোকৰ আশীর্বাদ। আজিৰ  পৰা আৰম্ভ হ'ব ষ্টাৰ চিমেণ্ট ছলিড ছেটিং প্রেজেন্টছ 'আমাৰ ভূপেনদা ছিজন-৮'। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ১৩ৰ পৰা ২৫ বছৰৰ যুৱক-যুৱতীৰ মাজত অনুষ্ঠিত হৈছিল এই বৰ্ষৰ সংগীতৰ মহাৰণ। গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, নগাঁও, মঙলদৈ, বৰপেটা, ধুবুৰী, শিলচৰ আৰু গুৱাহাটীত অনুষ্ঠিত হৈছিল অডিচনসমূহ। এই অডিচনথলীসমূহৰ পৰা সন্মানীয় বিচাৰকসকলে বাছি উলিয়াই অনা প্রতিযোগীসকলৰ মাজতে অনুষ্ঠিত হ'ব 'আমাৰ ভূপেনদা ছিজন-৮'ৰ মহাৰণ।

প্রতি শনি আৰু দেওবাৰে সন্ধিয়া ৭-৫৪ বজাত সম্প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত সুধাকণ্ঠৰ গীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ যি উদ্দেশ্য, সেয়া আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ দ্বাৰাহে সম্ভৱ হ'ব।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?