--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশত থাকি দেশৰে হাৱা-পানী খাই গাড্ডাৰী কৰি আছে একাংশ লোকে। সেই দেশদ্ৰোহীসকলক চিনি উলিয়াই কঠোৰতকৈও কঠোৰ শাস্তি দিয়াৰ সময় আহি পৰিছে। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ঘটিছে এক অঘটন। 

ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ সফলতাত এটি শিশুৱে পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছিল। এই কথা দেখি শিশুটিৰ ওপৰত দুজন মুছলমান যুৱকৰ খং উঠিল। যুৱক দুজনে চুৰীৰে আক্ৰমণ কৰে শিশুটিক। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় শিশুটি। চিকিৎসালয়ত তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতে সেই স্থানত উপস্থিত থকা লোকসকলে আক্ৰমণকাৰী যুৱক দুজনক প্ৰহাৰ কৰে। ইয়াৰ পিছতে দুয়োকে আৰক্ষীৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ ভুক্তভোগীৰ অভিযোগ সন্দৰ্ভত ব্যৱস্থা আৰম্ভ কৰিছে।

এই ঘটনা সংঘটিত হয় পুৱাইয়ান গল্লা মণ্ডিত, য’ত ধৰ্মংগাদাপুৰ নিবাসী ৮ বছৰীয়া সুৰজীত পিতৃৰ সৈতে গল্লা মণ্ডীলৈ আহিছিল। পুৱাইয়ান নবীন গল্লা মণ্ডিত অপাৰেচন সিন্দুৰৰ বিষয়ে আলোচনা চলি আছিল। এই সময়ছোৱাত সুৰজীতে হিন্দুস্তান জিন্দাবাদ আৰু পাকিস্তান মুৰ্দাবাদৰ শ্লোগান দিয়ে। সেই কথা দেখি তাত উপস্থিত থকা মহিদ খান আৰু ৱাছিম নামৰ যুৱক দুজনে সুৰজিতক মাৰপিট কৰি চুৰীৰে আক্ৰমণ কৰে।

এই ঘটনাৰ  ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ঘটনাৰ পিছতে হিন্দু যুৱ সংগঠন ভাৰতৰ কৰ্মীসকলে থানাত উপস্থিত হৈ ভুক্তভোগীৰ পৰিয়ালৰ সৈতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে। হিন্দু যুৱ সংগঠন ভাৰতৰ অবনীশ মিশ্ৰই কয় যে ভাৰতীয় সেনাৰ কাৰ্যত গৌৰাৱান্বিত  হৈ যেতিয়া এটি শিশুৱে হিন্দুস্তান জিন্দাবাদ আৰু পাকিস্তান মুৰ্দাবাদৰ শ্লোগান দিছিল তেতিয়া দেশত আত্মগোপন কৰি থকা দেশদ্ৰোহী মহিদ আৰু ৱাছিমে শিশুটিক হত্যাৰ চেষ্টা চলালে,  এনে দেশদ্ৰোহীক কঠোৰতকৈও কঠোৰ শাস্তি দিব লাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?