--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় সেনাই 'অপাৰেশ্যন সিন্দূৰ'ৰ সময়ত পাকিস্তানৰ 'কিৰানা হিল্‌ছ'ত আক্ৰমণ কৰা বুলি পাকিস্তানৰ অভিযোগৰ লগতে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অস্বীকাৰ কৰিছে ভাৰতীয় বায়ু সেনাই। উল্লেখযোগ্য যে কিৰানা হিলছত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটি আছে। সোমবাৰে এখন সংবাদমেলত ডাইৰেক্টৰ জেনেৰেল অব্ এয়াৰ অপাৰেশ্যন্‌ছ (ডি জি এ অ') এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে পাকিস্তানৰ পাৰমাণৱিক আন্তঃগাঁথনিত ভাৰতে আক্ৰমণ কৰা বুলি প্রকাশ পোৱা বাতৰিক অগ্রাহ্য কৰে।

উল্লেখযোগ্য যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকা স্থানকো ভাৰতীয় বায়ু সেনাই আক্ৰমণ কৰা বুলি বিশ্বৰ একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশ পাইছিল। এই উৰা বাতৰি অগ্রাহ্য কৰি এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয় যে কিৰানা হিলছ আক্রমণ কৰা হোৱা নাছিল। কালি এখন যুটীয়া সংবাদমেলত তেওঁ এই কথা প্রকাশ কৰে। সংবাদমেলত এয়াৰ মাৰ্শ্বাল ভাৰতীৰ উপৰি ডাইৰেক্টৰ জেনেৰেল অব্ মিলিটেৰী অপাৰেশ্যন লেফটেনেন্ট জেনেৰেল ৰাজীৱ ঘাই, ডাইৰেক্টৰ জেনেৰেল অব্ নেভী অপাৰেশ্যনৰ ভাইচ এমিৰেল এ এন প্রমোদ আৰু মেজৰ জেনেৰেল এছ এছ শার্দাই অংশগ্রহণ কৰে।

ডি জি এম অ' পৰ্যায়ৰ এইখন আছিল দ্বিতীয় সংবাদমেল। সামাজিক মাধ্যমত পাকিস্তানৰ কিৰানা হিলছত আক্রমণ কৰা বুলি প্ৰকাশ পোৱা বাতৰিৰ সম্পৰ্কে সোধাত এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয়, 'পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ কিৰানা হিলছত ৰখা বুলি জনোৱাৰ বাবে ধন্যবাদ, তাত যিয়েই নাথাকক আমি কিৰানা হিলছত আক্ৰমণ কৰা নাই। আমি আক্রমণ কৰা বুলি আপোনালোকক জনোৱা আমাৰ লক্ষ্যস্থানৰ তালিকাত ই নাছিল।'

উল্লেখযোগ্য যে পাকিস্তানৰ কিৰানা হিলছত থকা সামৰিক ঘাটি সৰগোধা বায়ু সেনাৰ ঘাটিৰ কাষতে। ইয়াতে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকা বুলি সন্দেহ কৰা হয়। সামাজিক মাধ্যমত একাংশ লোকে পাকিস্তানত হোৱা শেহতীয়া ভূমিকম্প দেশখনৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণৰ ফলত হোৱা বুলিও প্ৰকাশ কৰিছে।

সংবাদমেলত তেওঁ কালি এই কথা দোহাৰে যে ভাৰতৰ যুদ্ধ সন্ত্রাসবাদৰ বিৰুদ্ধেহে। ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সিন্দূৰ পাকিস্তানী সেনা বা সাধাৰণ নাগৰিকৰ বিৰুদ্ধে নহয়। এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে কয় যে পাকিস্তানী সেনাই তুৰস্কৰ ড্ৰন আৰু চীনত নির্মিত ক্ষেপণাস্ত্র তথা যুঁজাৰু বিমানেৰে ভাৰতৰ মহানগৰ, সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ প্ৰচেষ্টা কৰে। ইয়াৰ পাছতহে ভাৰতীয় সেনাই পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্রমণ কৰে। সংবাদমেলত চীনত নির্মিত আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰা পি এল-১৫ ক্ষেপণাস্ত্ৰৰ অৱশেষ প্ৰদৰ্শন কৰা হয়। সংবাদমেলত তুৰস্কৰ ড্ৰ'নৰ অংশও দেখুওৱা হয়।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?