--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানে কৰা নিকৃষ্ট, বৰ্বৰ কাণ্ডৰ উচিত শিক্ষা প্ৰদান কৰিলে। এই অভিযানে পাকিস্তানৰ যথেষ্ট ক্ষতিসাধন কৰিছে।

পুৱাৰ ভাগত লাহোৰ বিমানবন্দৰৰ সমীপত এটাৰ পিছত এটাকৈ তিনিটা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ শব্দই মানুহৰ উশাহ বন্ধ কৰি দিলে। সমগ্ৰ চহৰতে ছাইৰেন বাজিবলৈ ধৰিলে। ভয়তে মানুহবোৰ ঘৰৰ পৰা দৌৰি ওলাই আহিল। দৰাচলতে লাহোৰৰ ৱালটন বিমানবন্দৰৰ সমীপৰ গোপাল নগৰ আৰু নাছিৰাবাদ অঞ্চলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল। মানুহে কৈছিল যে তেওঁলোকে ধোঁৱাৰ ডাৱৰ এটা দেখিছিল।

ভাৰতৰ ‘অপাৰেচন সিন্দুৰে’ পাকিস্তানী শাসকৰ ভৰিৰ তলৰ পৰা মাটি কাঢ়ি লৈ ​​গৈছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ ভাৰতীয় সেনাই পাকিস্তান আৰু PoKৰ ভিতৰত থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছে। ইয়াৰে ৪টা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত থকাৰ বিপৰীতে ৫টা PoKত আছিল। ২৫ মিনিটৰ ‘অপাৰেচন সিন্দুৰ’ত ভাৰতে লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ লঞ্চ পেড ধ্বংস কৰে।

ইফালে আজি পাকিস্তানৰ কেইবাখন চহৰত ভাৰতে ক'মেও ২৫ টা ড্ৰ'ন আক্ৰমণ সংঘটিত কৰে। বুধবাৰে পাকিস্তানে ভাৰতত ড্ৰ'ন আৰু মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে আজি এই আক্ৰমণ সংঘটিত কৰে।

সম্পূৰ্ণৰূপে ধ্বংস হৈছে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। বৃহস্পতিবাৰে লাহোৰৰ পৰা কৰাচীলৈকে বহু কেইখন বৃহৎ চহৰত এটাৰ পাছত আনটো ড্ৰ’ন আক্ৰমণ সংঘটিত কৰে ভাৰতে । পাকিস্তান চৰকাৰৰ তথ্য অনুসৰি এই পৰ্যন্ত ২৫টা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ইয়াৰে ৩ টা বৃহৎ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত । এই আক্ৰমণৰ লগে লগে উত্তেজনাই বিৰাজ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। ৰাৱালপিণ্ডী, লাহোৰ আৰু কৰাচীত আৰ্মী কেম্প আছে। জানিব পৰা মতে, ৰাৱালপিণ্ডিৰ আৰ্মী কেম্প ড্ৰ’নৰ আক্ৰমণত ধ্বংস হৈ গৈছে।

ভাৰতৰ আক্ৰমণত লাহোৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ধ্বংস হৈছে।

উল্লেখ্য যে পাকিস্তানে ভাৰতৰ অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই, ভূজ আজি সামৰিক ঘাটিত আক্ৰমণ চলাইছিল। যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ প্ৰচেষ্টাক বিফল কৰি তুলিছিল।


ইয়াৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতে আজি পাকিস্তানৰ বিভিন্ন স্থানত ২৫টাকৈ ড্ৰন আক্ৰমণ সংঘটিত কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?