--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত বন্দী হৈ আছিল ভাৰতৰ এগৰাকী  BSFজোৱান। যোৱা  ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰছৰ জিম্মাত আছিল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’।আজি পুৱা প্ৰায় ১০:৩০ বজাত পাকিস্তানে তেওঁক নিৰাপদে ভাৰতক গতাই দিয়ে। এই প্ৰত্যাৰ্পণ অমৃতসৰ আত্তাৰীৰ যৌথ চেক প’ষ্টৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰা হয়।

উল্লেখ্য যে ভুলবশতঃ তেওঁ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত পাকিস্তান ৰেঞ্জাৰসকলে তেওঁক জিম্মাত লয়। ভাৰতে ততাতৈয়াকৈ এই ঘটনাক লৈ পাকিস্তানৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা আৰম্ভ কৰি জোৱানজনক নিৰাপদে ঘূৰাই অনাৰ দাবী জনাইছিল।

অৱশেষত ২২ দিনৰ পাছত পাকিস্তানে মুকলি কৰি দিলে ভাৰতীয় জোৱানজনক। 

সীমান্ত নিৰাপত্তা বাহিনী পঞ্জাব ফ্ৰন্টিয়াৰে চৰকাৰী বিবৃতিত কয় যে, "আজি পুৱা ১০:৩০ বজাত আত্তৰী-ৱাগাহ যৌথ চেক পোষ্টৰ জৰিয়তে পাকিস্তান ৰেঞ্জাৰসকলে BSF জোৱান পূৰ্ণম কুমাৰ শ্ব'ক ভাৰতক গতাই দিয়ে। শান্তিপূৰ্ণভাৱে আৰু নিৰ্ধাৰিত প্ৰট'কল অনুসৰি এই হস্তান্তৰ কৰা হয়।"    জোৱানজনক প্ৰত্যাৰ্পণৰ সময়ত তেওঁৰ পৰিয়ালটোও উপস্থিত আছিল।

জোৱান পূৰ্ণম কুমাৰ শ্ব’ৰ পত্নী ৰজনী শ্ব’ বৰ্তমান গৰ্ভৱতী। পাকিস্তানৰ বন্দীত্বৰ পৰা স্বামীক মুকলি কৰি দিবলৈ বিভিন্ন স্তৰত কাতৰ অনুৰোধ জনাইছিল ৰজনী শ্ব’য়ে। ৰজনীয়ে ফিৰোজপুৰত বি এছ এফৰ কামাণ্ডিং অফিচাৰকো সাক্ষাৎ কৰিছিল। 

তেওঁলোকৰ এটি ৭ বছৰীয় পুত্ৰ সন্তানো আছে। সন্তানটিয়েও ভগৱানক প্ৰাৰ্থনা কৰিছিল যে - "হে  প্ৰভু তুমি মোৰ পৰা সকলো লৈ যোৱা মাথোঁ দেউতাক কুশলে ঘৰখনলৈ ঘূৰাই আনা।"

শেষত ভাৰত চৰকাৰে কূটনৈতিক মাধ্যমেৰে পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে আৰু অৱশেষত পাকিস্তানে জোৱানজনক মুকলি কৰি দিবলৈ বাধ্য হ’ল। 

ইয়াৰ পূৰ্বে ৫ মে’ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হুগলীৰ  BSFজোৱান  পূৰ্ণম কুমাৰ শ্ব’ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। এতিয়া সুকলমে BSFৰ জোৱানজন ভাৰতত উপস্থিত হোৱাক লৈ সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?