কাবুলঃ আফগানিস্তানত তালিবানৰ দামামা মাৰ নাযাওঁতেই এটাৰ পাছত এটা বিস্ফোৰক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তালিবানী উপদ্ৰৱৰ বাবে দেশ এৰিবলৈ বাধ্য হৈছিল অলেখজন। নিৰাপত্তা বিচাৰি এতিয়াও হাহাকাৰসদৃশ পৰিৱেশ কাবুল বিমানবন্দৰত। জনপ্ৰিয় আফগান পপ তাৰকা আৰিয়ানা ছাইদেও প্ৰাণৰ মমতাত দেশ ত্যাগ কৰিছিল। শেহতীয়াকৈ, তালিবানক পাকিস্তানত প্ৰশিক্ষণ দিয়া বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে আফগান পপ তাৰকাগৰাকীয়ে। এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘পাকিস্তানে তালিবানক নিৰ্দেশনা দি আহিছে। তালিবানসকলে পাকিস্তানৰ পৰাই প্ৰশিক্ষণ লৈছে।’
কাবুল তালিবানৰ দ্বাৰা দখল কৰা হৈছিল। সংগঠনটোৱে ইতিমধ্যে আফগানিস্তানত চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতে তালিবানৰ বিৰোধিতা কৰে কিন্তু কেইবাখনো দেশে ইতিমধ্যে তালিবানীক প্ৰতিহত কৰাৰ প্ৰস্তাৱ নাকচ কৰিছে। ইফালে, বহুতে সংশ্লিষ্ট দেশৰ পৰা পলায়ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আফগান পপ তাৰকা আৰিয়ানাই পৰিস্থিতিটোৰ বিষয়ে মুকলিকৈ উদ্বেগ প্ৰকাশ কৰি কয়, মই দেশৰ বাহিৰত আছোঁ কিন্তু মোৰ হৃদয়ে আফগানিস্তানত থকা লাখ লাখ লোকৰ বাবে কান্দি আছে।
আমি ২০ বছৰৰ পূৰ্বে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিলোঁ সেয়া প্ৰকাশ কৰিব নোৱাৰি! আজি পুনৰ একেটা পৰিস্থিতিৰ সন্মুখীন হৈছো আমি।’ আফগানিস্তানৰ ঘোৰ বিপদৰ পাছত ভাৰতে লোৱা পদক্ষেপৰ মুকলি প্ৰশংসা কৰিছে আৰিয়ানাই। তেওঁ কয়, ‘আফগানসকলৰ হৈ মই ভাৰতক ধন্যবাদ জনাইছো। বহু বছৰৰ পাছত মই বুজি পাইছো যে, আফগানিস্তানৰ সকলো চুবুৰীয়া দেশৰ ভিতৰত ভাৰত আমাৰ দেশৰ প্ৰকৃত বন্ধু।’