--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ হৈ দুটা অলিম্পিক পদক লাভ কৰা নীৰজ চোপ্ৰাই এন চি ক্লাছিক ইভেণ্টৰ বাবে পাকিস্তানী জেভেলিন নিক্ষেপকাৰী তথা পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্ছাদ নাদীমক দিয়া আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ স্পষ্টীকৰণ দিছে। 

নীৰজে কয় যে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আৰ্ছাদৰ আমন্ত্ৰণ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বহু আগতেই প্ৰেৰণ কৰা হৈছিল। তেওঁ আৰু তেওঁৰ পৰিয়ালে যি ধৰণৰ ঘৃণাৰ সন্মুখীন হৈছে সেয়া ভুল বুলি উল্লেখ কৰি ৰাইজে পৰিস্থিতি বুজিবলৈ চেষ্টা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।

নীৰজে প্ৰকাশ কৰে যে এই বিষয়ত তেওঁ আৰু তেওঁৰ পৰিয়ালে বহু সমালোচনাৰ সন্মুখীন হৈছে। তেওঁ কয় যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই অনুষ্ঠানত আৰ্শ্বাদৰ অংশগ্ৰহণ এতিয়া সম্পূৰ্ণ অসম্ভৱ। 

ইনষ্টাগ্ৰাম পোষ্টত নীৰজে কয় যে মই সাধাৰণতে কম শব্দৰ ব্যক্তি, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কিবা ভুল দেখিলে মই মৌন হৈ থাকিম, বিশেষকৈ যেতিয়া মোৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু মোৰ পৰিয়ালৰ সন্মানক লৈ প্ৰশ্ন উত্থাপন হ’ব। 
নীৰজে আঙুলিয়াই দিয়ে যে আৰ্শ্বাদ নাদীমক নীৰজ চোপ্ৰা ক্লাছিকলৈ নিমন্ত্ৰণ কৰাৰ বাবে তেওঁ বহু ঘৃণা আৰু গালি-গালাজ লাভ কৰিছে আৰু তেওঁৰ পৰিয়ালক ভুলকৈ এই বিতৰ্কৰ মাজলৈ টানি অনা হৈছে।


দেশৰ প্ৰতি থকা প্ৰেমক লৈ সন্দেহৰ অৱতাৰণা কৰা লোকসকললৈ দিয়া এটা স্পষ্ট বাৰ্তাত নীৰজে কয় যে বছৰ বছৰ ধৰি তেওঁ ত্ৰিৰংগাক গৌৰৱেৰে কঢ়িয়াই লৈ ফুৰিছে ৷ সকলো মিছা বক্তব্য শুনাৰ পিছত তেওঁ মনত আঘাত পাইছে ৷

‘‘ইমান বছৰে মই গৌৰৱেৰে মোৰ দেশক আগুৱাই লৈ গৈছো, গতিকে মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখি দুখ লাগিছে । মোৰ দুখ লাগে যে কোনো সুনিৰ্দিষ্ট কাৰণ নোহোৱাকৈ মোক আৰু মোৰ পৰিয়ালক টাৰ্গেট কৰা মানুহৰ বাবে মই নিজকে বুজাব লগা হৈছে’’ নীৰজে কয় ।

লগতে কয় ‘‘আমি সহজ-সৰল মানুহ, অনুগ্ৰহ কৰি আমাক আৰু একো বুজাব নালাগে । সংবাদ মাধ্যমৰ কিছুমান শিতানে মোৰ বিষয়ে বহু মিছা কাহিনী ৰচনা কৰিছে ৷ কিন্তু মই মাত মাতিব নোৱাৰাৰ বাবেই সেয়া সঁচা নহয় ।’’

পেৰিছ অলিম্পিকত স্বৰ্ণপদক লাভ কৰাৰ বাবে মাতৃয়ে আৰ্শ্বাদক প্ৰশংসা কৰি তেওঁৰ পুত্ৰ বুলি কোৱা ঘটনাটোৰ কথা মনত পেলাইছিল ২৭ বছৰীয়া নীৰজে, যিটোৱে সেই সময়ত ব্যাপক প্ৰশংসা লাভ কৰিছিল ।

নীৰজে কয় ‘‘মানুহে নিজৰ মতামত কেনেকৈ সলনি কৰে, সেয়াও বুজিবলৈ টান পাওঁ । এবছৰৰ আগতে যেতিয়া মায়ে নিজৰ সৰলতাত নিৰ্দোষী মন্তব্য কৰিছিল, তেতিয়া তেওঁৰ চিন্তাবোৰৰ বাৰুকৈয়ে শলাগ লোৱা হৈছিল । আজি একেখিনি মানুহেই তেওঁক একেটা বক্তব্যৰ বাবে টাৰ্গেট কৰিছে । ইয়াৰ মাজতে মই আৰু অধিক কষ্ট কৰিম যাতে সমগ্ৰ বিশ্বই ঈৰ্ষাৰ সলনি শ্ৰদ্ধাৰে ভাৰতক চাবলৈ আৰম্ভ কৰে ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?