--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ বিয়োগৰ লগে লগে অন্ত পৰিল হিন্দী ছবিৰ এটা সোণালী যুগৰ। এজন ফল বিক্ৰেতাৰ পৰা হিন্দী ছবি উদ্যোগৰ মহানায়কলৈ এটা সংগ্ৰামী আৰু বৰ্ণাঢ্য যাত্ৰা আছিল দিলীপ কুমাৰৰ। দিলীপ কুমাৰ অথবা মহম্মদ ইউছুফ খানৰ জীৱন পৰিক্ৰমা আৰম্ভ হৈছিল বৰ্তমানৰ পাকিস্তানৰ পেছোৱাৰ চহৰৰ কিচ্ছা খাৱানি বজাৰত।

পিতৃ-মাতৃ গোলাম ছাৰৱাৰ খান আৰু আয়েছা বেগমৰ ১২টা সন্তানৰ অন্যতম ইউছুফ খানৰ জন্ম হৈছিল ১৯২২চনৰ ১১ ডিচেম্বৰত। পিতৃ গোলাম ছাৰৱাৰ খান আছিল ফল ব্যৱসায়ী। যাৰ বাবে শৈশৱ সুখৰেই আছিল ইউছুফ খানৰ। পেছোৱাৰৰ প্ৰতিপত্তিশীল ব্যৱসায়ী গোলাম ছাৰৱাৰৰ আছিল বিশাল হাৱেলী। সেই হাৱেলীতে পাৰ হৈছিল ইউছুফৰ শৈশৱকাল। ১৯৩০ চনত অৱশ্যে ছাৰৱাৰে পৰিয়ালটোক লৈ ব্যৱসায়িক কাৰণত মুম্বাইলৈ আহে। এৰি আহে পেছোৱাৰৰ আড়ম্বৰপূৰ্ণ বাসভৱন।

পৰিত্যক্ত হৈ আহিবলৈ ধৰে দিলীপ কুমাৰৰ হাৱেলী

১৯৪৭ চনলৈকে পেছোৱাৰৰ সৈতে গোলাম ছাৰৱাৰ খানৰ পৰিয়ালৰ যোগসূত্ৰ আছিল যদিও দেশ বিভাজনৰ পাছত সম্পৰ্ক প্ৰায় ছিন্ন হৈ পৰে। যাৰ বাবে পৰিত্যক্ত হৈ আহিবলৈ ধৰে দিলীপ কুমাৰৰ হাৱেলী। আনকি কাষৰীয়া বাসিন্দাসকলে ঘৰটোত পেলাবলৈ ধৰে জাবৰ-জোঁথৰ। হাৱেলীটো পৰিণত হয় ডাম্পিং গ্ৰাউণ্ডলৈ। পাছলৈ দিলীপ কুমাৰৰ বাসভৱনৰ দুৰৱস্থাৰ খবৰটো পাকিস্তানৰ চৰকাৰৰ দৃষ্টিগোচৰ হয়।

২০১৩ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে হাৱেলীটোৰ মেৰামতি কৰিবলৈ দায়িত্ব দিয়ে ৰাষ্ট্রীয় স্মাৰক মন্ত্ৰণালয়ক। ২০১৪ চনত পাকিস্তানৰ চৰকাৰে বাসভৱনটোক ঘোষণা কৰে ঐতিহ্যস্থল হিচাপে। অৱশ্যে চৰকাৰৰ নিৰ্দেশৰ যথোপযুক্ত কাৰ্য ৰূপায়ণ নকৰিলে প্ৰশাসনে। যাৰ বাবে সময় বাগৰাৰ লগে লগে হাৱেলীটো ভাগি পৰিবলৈ ধৰে। শেহতীয়াকৈ বিগত জুন মাহত হাৱেলীটোৰ চোৱা-চিতাৰ দায়িত্ব লৈছে দেশখনৰ খাইৱাৰ পখটুনখাৱা প্ৰদেশৰ চৰকাৰে।

প্ৰাদেশিক চৰকাৰখনে ঐতিহ্যপূৰ্ণ বাসভৱনটোক সংগ্ৰহালয় হিচাপে গঢ়ি তুলিব বুলি ঘোষণা কৰিছে। প্ৰাদেশিক চৰকাৰখনে ঘোষণা কৰা মতে কাম কৰিলে হাৱেলীটোৱে পুনৰ আটকধুনীয়াকৈ মূৰ দাঙি উঠিব বুলি আশা কৰা হৈছে। আজি দিলীপ কুমাৰৰ বিয়োগৰ দিনটোত পেছোৱাৰৰ বাসভৱনটো মহান অভিনেতাজনৰ স্মৃতি যুগমীয়া কৰিব পৰাকৈ উজলি উঠিব বুলি আশা কৰিছে ভাৰতৰ লগতে পাকিস্তানৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?