--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক জটিল আৰু স্পৰ্শকাতৰ বিষয় হৈছে ধৰ্ম৷ প্ৰায় সংখ্যক মানুহে এই বিষয়টোৰ পৰা এৰাই চলিব বিচাৰে যদিও বহুতো মানুহে বিষয়টোৰ সৈতে পুৱাৰ পৰা নিশালৈকে একাত্ম হৈ থাকিব বিছাৰে৷ আজি আমাৰ আলোচ্য বিষয়টো হ’ব যে, পাকিস্তানত ভাৰতৰ হিন্দুসকলৰ অৱস্থিতি কেনেকুৱা৷ সাধাৰণতে পাকিস্তান এখন ধৰ্মীয় ৰাষ্ট্ৰ বুলি সংবিধান প্ৰদত্ত৷ ধৰ্মীয় গোড়ামী ৰাষ্ট্ৰখনত বসবাস কৰা হিন্দুসকলে পদে-পদে ভয়- শংকাৰ মাজত দিন অতিবাহিত কৰা বাতৰিয়ে সদায়ে সংবাদ শিৰোনাম দখল কৰা খবৰ আমি শুনিবলৈ পাওঁ৷


প্ৰথমে আহো পাকিস্তানত থকা মুঠ হিন্দুৰ সংখ্যা৷ দেশ বিভাজনৰ আগতে বিভাজনৰ আগতে, ১৯৪১ চনৰ লোকপিয়ল অনুসৰি, পশ্চিম পাকিস্তানৰ (বৰ্তমান পাকিস্তান) জনসংখ্যাৰ ১৪% আৰু পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) জনসংখ্যাৰ ২৮% হিন্দু আছিল। পাকিস্তানে ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত পশ্চিম পাকিস্তানৰ ৪.৭ নিযুত হিন্দু আৰু শিখ শৰণাৰ্থী হিচাপে ভাৰতলৈ গুচি যায়। তাৰ পাছত ১৯৫১ চনত প্ৰথম লোকপিয়লত হিন্দুসকল পশ্চিম পাকিস্তানৰ (বৰ্তমানপাকিস্তান) মুঠ জনসংখ্যাৰ ১.৬%, আৰু পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) ২২% আছিল। শেহতীয়া তথ্য অনুসৰি, ২০১৭ চনৰ লোকপিয়লত ৪৪৪,৪৮৭০জন হিন্দু অন্তৰ্ভুক্ত কৰা হৈছিল যি পাকিস্তানৰ মুঠ জনসংখ্যাৰ ২.১৪%। অৱশ্যে, পাকিস্তান হিন্দু পৰিষদে দাবী কৰে যে ২০২০ চনলৈকে হিন্দু জনসংখ্যা প্ৰায় ৪ নিযুত আছিল৷ পাকিস্তানৰ হিন্দু জনসংখ্যাৰ বেছিভাগ সিন্ধু প্ৰদেশত বসতি স্থাপন কৰে য'ত তেওঁলোকে মুছলমান বাসিন্দাসকলৰ সৈতে সংস্কৃতি, পৰম্পৰা আৰু ভাষা ভাগ বতৰা কৰে৷


এতিয়া প্ৰশ্ন হয় যে ধৰ্মীয় ৰাষ্ট্ৰখনত বসবাস কৰা অ-মুছলমানসকল সুৰক্ষিত হয়নে? অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলৰ ভিতৰত পাকিস্তানত হিন্দু, খ্ৰীষ্টান, শিখ সম্প্ৰদায়ৰ লোকসকলে বাস কৰে৷ পাকিস্তানত হিন্দুসকলৰ বিৰুদ্ধে হিংসা আৰু বৈষম্যৰ বহুতো ঘটনা সংঘটিত হৈছে। হিংসাত্মক আৰু বৈষম্য ঘটনাসমূহৰ ভিতৰত, সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকল বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ লক্ষ্য হৈ আহিছে লগতে হিন্দু মহিলাসকল বলপূৰ্বকভাৱে ধৰ্ষণৰ বলি হ’ব লগা হৈছে৷ এই হিংসা বৈষ্যমৰ মাজতো পাকিস্তানত হিন্দুসকলৰ বাবে আছুতীয়াকৈ ধৰ্মীয় উপাসনাস্থলী আছে৷ পাকিস্তানত থকা মুখ্য হিন্দু মন্দিৰবোৰ হৈছে শ্ৰী হিংলাজ মাতা মন্দিৰ, য'ত ২৫০,০০০ তকৈয়ো অধিক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰে, শ্ৰী ৰামদেৱ পীৰ মন্দিৰ, এই মন্দিৰত বাৰ্ষিক ৰামদেৱপীৰ মেলা হয় আৰু এই মন্দিৰ হৈছে পাকিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ হিন্দু তীৰ্থযাত্ৰাৰ মন্দিৰ, উমাৰকোট শিৱমন্দিৰ। চুৰিঅ জবল দুৰ্গা মাতা মন্দিৰ ইত্যাদি৷

পাকিস্তানত থকা এটা হিন্দু মন্দিৰ

হিন্দুৰ এই মঠ-মন্দিৰ সমূহতো বহু সময়ত পাকিস্তানৰ মুছলমান লোকসকলে লণ্ড-ভণ্ড কৰি আহিছে৷ ২০২০ চনৰ ডিচেম্বৰ মাহত এটা শতিকা পুৰণি হিন্দু মন্দিৰ ভাঙি পেলাইছিল। সেই ঘটনাৰ তদন্ত বৰ্তমানেও পাকিস্তানৰ ন্যায়ালয়ত চলি আছে৷ ইয়াৰ আগতে ১৯৯৭ চনত, শ্ৰী পৰম হংসজী মহাৰাজ সমাধি মন্দিৰত মুছলমানলোক সকলৰ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছিল৷ আদালতত বিচাৰাধীন হৈ থকা বিষয়টো ১৮ বছৰৰ পাছত অৰ্থাৎ ২০১৫ চনত ন্যায়ালয়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। পাকিস্তানৰ হিন্দু সমাজৰ ওপৰত মুছলমানসকলে কৰা এনে বৰ্বৰ অত্যাচাৰৰ ঘটনা এনে বহুটো উদাহৰণ উলাব৷ আমাৰ পৰৱৰ্তী প্ৰতিবেদনত পাকিস্তানত থকা হিন্দুসকলৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা, তেওঁলোকৰ জীৱন ধাৰণাৰ প্ৰণালী, তেওঁলোকৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে তথ্য সহকাৰে প্ৰকাশ পাব…

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?