--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধু প্রদেশত দেওবাৰে বিয়লি অচিনাক্ত বন্দুকধাৰীয়ে লস্কৰ-ই-তৈবাৰ (এল ই টি) এটা দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। এল ই টিৰ নিহত ৰাজউল্লা নিজামনি ওৰফে গাজী আৰু চৈফুল্লা খালিদ নামৰ সন্ত্রাসবাদীটো ২০০৬ চনত আৰ এছ এছৰ মুখ্য কার্যালয়ত সংঘটিত আক্ৰমণৰ লগত জড়িত আছিল। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি, দেওবাৰে বিয়লি এল ই টিৰ সন্ত্রাসবাদীটোৱে পঞ্জাবৰ সিন্ধু প্রদেশৰ বাদিন জিলাৰ মাটলিত থকা ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতেই অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে।

উল্লেখযোগ্য যে পহলগাম-কাণ্ড আৰু 'অপাৰেশ্যন সেন্দূৰ'ৰ পাছত পাকিস্তানী সেনা আৰু আই এছ আয়ে কৈছিল যে সকলো এল ই টিৰ নেতা আৰু জ্যেষ্ঠ সদস্যক মুকলিকৈ ঘূৰিব দিয়া নহ'ব। ভাৰতীয় চোৰাংচোৱা বিভাগৰ এজন বিষয়াই কয় যে এল ই টিৰ মুৰব্বী হাফিজ ছৈয়দৰ ঘনিষ্ঠ সহযোগী আছিল আজি নিহত হোৱা চৈফুল্লা খালিদ নামৰ সন্ত্রাসবাদীটো।

পাকিস্তানী সংবাদ মাধ্যমেও দুর্ধর্ষ সন্ত্রাসবাদীটোক অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ বিষয়ে প্রকাশ কৰিছে। দেওবাৰে নিহত সন্ত্রাসবাদীটো ২০০৫ চনত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্সত কৰা আক্ৰমণ আৰু ৰামপুৰত চি আৰ পি এফৰ কেম্পত কৰা সন্ত্রাসবাদীৰ আক্ৰমণৰ লগতো জড়িত আছিল। ছৈফুল্লা খালিদে বর্তমান সন্ত্রাসবাদী সংগঠন এল ই টিৰ দ্বিতীয় কমান্ডিং হিচাপে আছিল।


তদুপৰি ২০০০ চনত নেপালত এল ই টিৰ সন্ত্রাস অভিযানত নেতৃত্ব দিছিল এই সন্ত্রাসবাদীটোৱে। তদুপৰি, ইণ্ডো-নেপাল সীমান্তত বিভিন্ন সন্ত্রাসবাদী কাৰ্যকলাপৰ নেতৃত্ব দিছিল। এই সন্ত্রাসবাদীটোৱে ভাৰতত ইয়াক উৎখাত কৰাৰ পাছত পাকিস্তানলৈ ঘূৰি আহিছিল। পাকিস্তানত এল ই টি আৰু জামাত-উড-ডাৱাহৰ নেতা ইউছুফ মুজামিলৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰি আছিল। পাকিস্তানত এল ই টিৰ সদস্যভর্তি আৰু পুঁজি সংগ্রহ অভিযানত নিহত ছৈফুল্লা খালিদ জড়িত আছিল। 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ কৰোঁতে কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল এই দুর্ধর্ষ সন্ত্রাসবাদীটো।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?