--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে৷ স্বাধীনতাৰ পূৰ্বে ভাৰতৰ কেইবাজনো উদ্যোগীয়ে গঢ়ি তুলিছিল কেইবাটাও ব্যৱসায়িক সংস্থা৷ তাৰ মাজৰে কেইবাটাও সংস্থাৰ জয়যাত্ৰা অব্যাহত আছে। ইয়াৰে এটা হ’ল ব’ৰ’লিন৷ ব’ৰলিনক ‘হাতীৱালা ক্ৰীম’ নামেৰেও বহু গ্ৰাম্য অঞ্চলত কোৱা হয়৷ ইয়াৰ কাৰণ ইয়াৰ লগ’টো হাতী৷ বৰলিন হৈছে স্বাধীনতাৰ পূৰ্বৰ ভাৰতত ব্ৰিটিছ সামগ্ৰীৰ প্ৰতিহত কৰিবলৈ এজন স্বদেশী ব্যৱসায়ীয়ে মুকলি কৰা ক্ৰীম৷

কলকাতাস্থিত জিডি ফাৰ্মাচিউটিকেলছে বড়োলিন প্ৰস্তুত কৰে। প্ৰতিযোগিতামূলক প্ৰসাধন জগতৰ মাজত ব’ৰ’লিনে নিজৰ ৯৪ বছৰত এতিয়াও নিজৰ গৌৰৱ অটুত ৰাখিছে। ব’ৰ’লিনৰ ৱেবছাইটত কোৱা হৈছে, "স্বাধীনতাৰ সময়ত সকলো ভাৰতীয়কে উদ্ধুদ্ধ কৰিছিল জাতীয়তাবাদী ঢৌৱে। বিদেশী সামগ্ৰীৰ আমদানিকাৰক গৌৰ মোহন দত্তই স্বদেশী আন্দোলনত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল। এক গৌৰৱময় সপোনৰ সৈতে তেখেতে তেখেতৰ হৃদয়ত মুক্ত আৰু স্বাৱলম্বী ভাৰতক বিদেশী সামগ্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ সামগ্ৰী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল৷ ইয়াৰে এটা হ'ব কিংবদন্তি সেউজীয়া নলী ব'ৰ'লিন।"

স্বাধীনতাৰ পূৰ্বৰ আন এটা ব্ৰেণ্ড হৈছে ৰুহ আফজা, যিটোৱে গৰমক পৰাস্ত কৰিবলৈ বনৌষধৰ গুণাগুণ থকা পানীয় হিচাপে জনপ্ৰিয়। ৰুহ আফজা ব্যৱসায় ১৯০৭ চনত হাকিম হাফিজ আব্দুল মজিদে পুৰণি দিল্লীৰ পৰা আৰম্ভ কৰিছিল। বৰ্তমান ৰুহ আফজা নিৰ্মাণ কৰে মজিদ আৰু তেওঁৰ পুত্ৰসকলে প্ৰতিষ্ঠা কৰা কোম্পানী হামদৰ্দ লেবৰেটৰীজ ইণ্ডিয়াই; হামদৰ্দ লেবৰেটৰীজ (ৱাকফ) পাকিস্তান; আৰু হামদৰ্দ লেবৰেটৰীজ (ৱাকফ) বাংলাদেশ-এ।

ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে আন বহুতো সামগ্ৰী মুকলি কৰা হৈছিল আৰু সেইবোৰৰ অস্তিত্ব আৰু উন্নতি অব্যাহত আছে। স্বাধীনতাৰ পূৰ্বৰ যুগটোক অন্বেষণ কৰি যোৱাৰ লগে লগে ভাৰতৰ সৰ্ববৃহৎ সংঘবদ্ধ সংস্থা টাটাৰ অপৰিসীম অৱদানৰ কথাও কোৱাটো গুৰুত্বপূৰ্ণ। মুম্বাইৰ তাজমহল পেলেচ হোটেল খোলা হয় ১৯০৩ চনৰ পৰা৷ ইয়াত ৰাজন্যবৰ্গৰ পৰা আৰম্ভ কৰি বিশ্ববিখ্যাত অতিথিসকলক আতিথ্য প্ৰদান কৰা হয়। তাজমহল পেলেচ হোটেলখনৰ ডিজাইন কৰিছিল ভাৰতীয় স্থপতিবিদ ৰাওছাহেব বৈদ্য আৰু ডি এন মিৰ্জাই। ১৮৯৮ চনত এই হোটেলখনৰ ভেটি স্থাপন কৰি সোৰবজী ঠিকাদাৰে নিৰ্মাণ কৰিছিল। ১৯০৩ চনৰ ১৬ ডিচেম্বৰত প্ৰথম ১৭ জন অতিথিৰ বাবে হোটেলখনৰ গেট মুকলি কৰা হয়।

টাটাৰ মালিকানাধীন আন এটা ব্ৰেণ্ড এয়াৰ ইণ্ডিয়াই যোৱা বছৰ দেশৰ বাবে ৯০ বছৰীয়া সেৱা সম্পূৰ্ণ কৰিছিল। ১৯৩২ চনত জে আৰ ডি টাটাই প্ৰতিষ্ঠা কৰাৰ পিছত টাটা এয়াৰলাইন্স নামেৰে আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়াৰ ইণ্ডিয়া নাম সলনি কৰি ৰাজহুৱা সীমিত কোম্পানীত পৰিণত হয়। ২০২২ চনৰ জানুৱাৰী মাহত টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া পুনৰ অধিগ্ৰহণ কৰে।

আন এটা আইকনিক আৰু নষ্টালজিয়াৰে ভৰা ব্ৰেণ্ড হৈছে পাৰ্লে-জি। এগৰাকী কণমানি ছোৱালীৰ ছবি থকা উজ্জ্বল হালধীয়া প্লাষ্টিকৰ পেকেজিংটো ক্লাছিক আৰু নষ্টালজিক। ১৯২৮ চনত মোহনলাল দয়ালে পাৰ্লেৰ ঘৰটো প্ৰতিষ্ঠা কৰিছিল যদিও ১৯৩৮ চনতহে প্ৰথম পাৰ্লে-জি (তেতিয়া পাৰ্লে গ্লুকো বুলি কোৱা হৈছিল) বিস্কুট বনাইছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?