--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ২৫ বছৰৰ আটাইতকৈ বৃহৎ ভূমিকম্পত কঁপি উঠিল টাইৱান। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৫.৩০ বজাত ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পত ত্ৰস্তমান হৈ পৰিল টাইৱানবাসী। অকল টাইৱানে নহয়, বৰভূইকঁপটোত কঁপি উঠিল কাষৰীয়া ৰাষ্ট্র জাপান আৰু ফিলিপাইনছ। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি এই প্ৰবল ভূইকঁপটোত এতিয়ালৈ ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে আহত হৈছে ৯৩০ গৰাকীৰো অধিক লোক। আনহাতে, ভূমিকম্পটোৱে সৃষ্টি কৰা ধ্বংসলীলা প্ৰত্যক্ষ কৰি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে টাইৱান চৰকাৰে। 

কেনেকৈ সংঘটিত হৈছিল এই বৃহৎ ভূমিকম্প?
টাইৱানৰ বতৰ বিজ্ঞান বিভাগৰ মতে দেশখনৰ পূব অংশত অৱস্থিত হুলিয়েন চহৰত অনুভূত হৈছিল আটাইতকৈ বৃহৎ কম্পনৰ। হুলিয়েন চহৰৰ ভূগৰ্ভৰ ৩৪ কিলোমিটাৰ তলত আছিল ভূমিকম্পটোৰ অভিকেন্দ্ৰ। প্ৰবল ভূইকঁপটোত তাচপাতৰ দৰে খহি পৰিছিল টাইৱানৰ বহু অঞ্চলৰ বৃহৎ বৃহৎ অট্টালিকা। বহু ঠাইত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা। সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে দেশখনত। আন এক সূত্ৰৰ মতে ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পটোৰ পাছত ১০০টাৰো অধিক আফটাৰ শ্বকে আতংকিত কৰি তুলিছিল টাইৱানৰ বাসিন্দাসকলক। প্ৰবল ভূমিকম্পটোৰ পাছতে টাইৱানৰ লগতে জাপান আৰু ফিলিপাইনছে জাৰি কৰিছিল ছুনামীৰ এলাৰ্ট। ১০ ফুট পৰ্যন্ত উচ্চতাৰ ঢৌৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছিল এই সতৰ্কবাণীৰ জৰিয়তে।

অৱশ্যে সময় বাগৰাৰ লগে লগে প্ৰত্যাহাৰ কৰা হৈছে ইতিপূৰ্বে জাৰি হোৱা ছুনামীৰ এলাৰ্ট। আজি অহা বৰভূইকঁপটোত টাইৱানৰ এক সুৰংগ পথৰ ভিতৰত ২৪ গৰাকী লোক আবদ্ধ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে। 

আনহাতে, শেহতীয়া খবৰ অনুসৰি টাইৱানৰ ৯১ হাজাৰৰো অধিক বাসগৃহত বিচ্ছিন্ন হৈছে বিদ্যুৎ সংযোগ। ইপিনে, জাপানতো দেখা গৈছে প্ৰবল ভূইকঁপটোৰ প্ৰভাৱ। দেশখনৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হৈছে বহুসংখ্যক লোক। কিন্তু, ভূমিকম্পৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ বাবে সেইসকল লোকৰ ওচৰত উপস্থিত হ’ব পৰা নাই চিকিৎসকৰ দল, জৰুৰীকালীন সেৱাৰ দল। 

আজি টাইৱানৰ বৰভূইকঁপৰ ফলত ক্ষতিগ্ৰস্ত হৈছে জাপানৰ অ’কিনাৱা প্ৰান্তৰ বহু অঞ্চল। যাৰ ফলত বাতিল কৰিবলগীয়া হৈছে বহু বিমানৰ যাত্ৰা। টাইৱানত ১৯৯৯ চনত আহিছিল ৭.৬ তীব্ৰতাৰ এক বৰভূইকঁপ। য’ত প্ৰাণ হেৰুৱাইছিল ২ হাজাৰৰো অধিক লোকে। 

ইপিনে, টাইৱানৰ ভূমিকম্পৰ পাছত দেশখনত থকা ভাৰতৰ নাগৰিকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ভাৰতে। কিয়নো, টাইৱানত এই মুহূৰ্তত বসবাস কৰি আছে ৫ হাজাৰ ভাৰতীয় লোকে। যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰিছে জৰুৰীকালীন ফোন নম্বৰৰ লগতে ই–মেইলো। 

আনহাতে, টাইৱানৰ বিধ্বংসী ভূমিকম্পৰ পাছতে নতুন কূটনৈতিক চাল আগ্ৰাসী চীনৰ। দীৰ্ঘদিনে টাইৱানক নিজৰ এলেকা বুলি দাবী কৰি আহিছিল চীনে। তেনেস্থলত প্ৰাকৃতিক দুৰ্যোগৰ সুযোগতে উদ্ধাৰকাৰ্যৰ নামত টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৰঙা চীনে। 

ইতিমধ্যে, দেশখনত উদ্ধাৰকাৰ্য চলোৱা প্ৰস্তাৱ আগবঢ়াইছে চীনা প্ৰশাসনে। কিন্তু নিজকে স্বাধীন ৰাষ্ট্রৰূপে দাবী কৰা টাইৱানে অগ্ৰাহ্য কৰিছে চীনৰ প্ৰস্তাৱ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?