--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি প্ৰদান কৰা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিজ হাতেৰে সম্বৰ্ধনা জনায়। এই সময়ত ৱাহিদাৰ চকুত চকুলো দেখা গৈছিল। এই সময়তে অনুষ্ঠানটিত উপস্থিত থকা সকলো লোকে থিয় হৈ অভিনেত্ৰীগৰাকীক সন্মান জনায় আৰু হাতচাপৰিৰে অভিনন্দন জ্ঞাপন কৰে।

বঁটা লাভ কৰাৰ পাছত ৱাহিদা ৰেহমানে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জুৰীৰ সদস্যসকলক ধন্যবাদ জনায়। ইয়াৰ পাছত ৱাহিদাই কয় যে- ‘মই নিজকে বৰ সন্মানিত অনুভৱ কৰিছো। কিন্তু আজি মই যি স্থানত থিয় দিওঁ, সেয়া মোৰ মৰমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবেই সম্ভৱ হৈছে। ভাগ্য ভাল যে বহুত ভাল শীৰ্ষ পৰিচালক, প্ৰযোজক, চলচ্চিত্ৰ নিৰ্মাতা, কাৰিকৰী লোক, লেখক, সংলাপ লেখক আৰু সংগীত পৰিচালকৰ পৰা বহুত সহায় পাইছিলোঁ।’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰমতী মুৰ্মুৱে কয়, ‘তেওঁ নিজৰ শিল্প আৰু ব্যক্তিত্বৰে চলচ্চিত্ৰ জগতৰ শিখৰত নিজৰ স্থান দখল কৰিছে। তেওঁ ছবিত কাম কৰিবলৈ আন কোনো নাম ৰাখিবলৈ অস্বীকাৰ কৰিছিল। আনহাতে সেই সময়ত নাম সলনি কৰি কাম কৰাটো এটা ধাৰা আছিল। এনে বহু ছবি বাছি লৈছিল য’ত তেওঁৰ ভূমিকাই নাৰীৰ লগত জড়িত বাধাবোৰ ভাঙি পেলাইছিল। মহিলা সৱলীকৰণৰ বাবে মহিলাসকলে নিজেই উদ্যোগ ল’ব লাগে তাৰ আদৰ্শ দাঙি ধৰিছে ৱাহিদাজীয়ে।'
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?