--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত ৰঙৰ উৎসৱ ফাকুৱা৷ হেঁপাহৰ ৰঙৰ উৎসৱ হোলীলৈ মাজত মাত্ৰ আৰু দুটা দিন। ফাকুৱা হৈছে প্ৰেম, একতা আৰু বসন্তৰ আগমনৰ এক আনন্দময় উৎসৱ৷ ফাকুৱা বুলি ক'লে সকলোৰে মাজত এক উছৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি হোলি উদযাপন কৰে। ৰঙীন হৈ পৰে আকাশ-বতাহ ৷ কিন্তু ফাকুৱা উদযাপনৰ পাছতে ৰুগীয়া হৈ পৰে বহু লোক৷ কিয় জানেনে ? বজাৰত উপলব্ধ ফাকুৱাৰ ৰঙসমূহৰ বাবে। 

উল্লেখযোগ্য যে পূৰ্বতে হালধি, বিভিন্ন ফল, ঔষধি গুণযুক্ত গছৰ পাত শুকুৱাই ফাকুৰ গুড়ি তৈয়াৰ কৰা হৈছিল যিবোৰৰ কোনো পাৰ্শ্বক্ৰিয়া নাছিল৷ বৰঞ্চ, সেই গুড়ি ছাল-চকুৰ সংস্পৰ্শলৈ অহাৰ ফলত আমাৰ স্বাস্থ্যৰ উপকাৰহে হৈছিল৷ কিন্তু বৰ্তমান কৃত্ৰিমভাৱে সৃষ্টি কৰা বজাৰৰ এই ৰংসমূহে আমাৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে। যাৰ ফলত আমি অসুস্থ হৈ পৰো। লীড অক্সাইড, ক্ৰমিয়াম আয়’ডাইড, কপাৰ ছালফেট, পাৰা ছালফাইড আৰু এলুমিনিয়াম ব্ৰ’মাইডৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ ফাকুৰ গুড়িত বহুলভাৱে ব্যৱহাৰ কৰা হয়। বিগত কেইমাহৰ পৰা সমগ্ৰ অসমতে বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ চৌদিশে সৃষ্টি হোৱা ধূলিময় পৰিৱেশৰ ফলত ইতিমধ্যেই অধিকাংশ লোক বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়েহে, এইবাৰ ফাকুৱা উদযাপনত সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী।

এতিয়া জানো আহক কেনেদৰে ঘৰতে প্ৰস্তুত কৰিব ফাকুৱা। নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপুনি সমাগত ফাকুৱাত বজাৰৰ পৰা অনা ৰঙৰে ফাকুৱা নেখেলিব ৷ ইয়াৰ পৰিৱৰ্তে খুব সহজ উপায়েৰে ঘৰতে ফাকুৱাৰ ৰং তৈয়াৰ কৰিব পাৰিব ৷

১)ডালিমৰ বাকলি শুকুৱাই এইসমূহ পিহি ৰঙা ৰং তৈয়াৰ কৰিব পাৰে৷ এই ৰং স্বাস্থ্যৰ‌ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

২)গুলপীয়া ৰং প্ৰস্তুত কৰিবলৈ বীট আৰু শুকান জৱা ফুলৰ পাহি পিহি ল'ব। এই ৰং আপুনি গুলপীয়া ফাকুৱাৰ ৰং হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৩) শুকান নিম পাত আৰু শুকান জেতুকা পাত মিহলি কৰি সেউজীয়া ৰং প্ৰস্তুত কৰিব পৰা যায়।

৪) ময়দাৰ সৈতে হালধি মিহলি কৰি আপুনি হালধীয়া ৰং তৈয়াৰ কৰিব পাৰে ৷

৫) নীলা অপৰাজিতা গুড়ি কৰি ফাকুৱাৰ নীলা ৰং প্ৰস্তুত কৰিব পাৰি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?