--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : পেগাছাছ কাণ্ডই দেশৰ ৰাজনীতিত এতিয়া ধুমুহা তুলিছে। ৰাজনীতিক, সাংবাদিক, ৰাজনৈতিক সংগ্ৰামী, ৰাজনৈতিক কৌশল নিৰ্ধাৰক, বিৰোধী দলৰ নেতা আদিৰ ফোনত অনৈতিক হস্তক্ষেপৰ জৰিয়তে নজৰদাৰি কৰাৰ কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে এই বিষয়টোৱে দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতত যিসকল লোকৰ ওচৰত এই বিশেষ প্ৰযুক্তিৰ জৰিয়তে নজৰদাৰি কৰাৰ তথ্য পোহৰলৈ আহিছিল সেই তালিকা কোনে প্ৰস্তুত কৰিছিল তাক লৈও প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল।

এতিয়া এই প্ৰশ্নৰ উত্তৰ দিছে এই প্ৰযুক্তি নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে। ইজৰাইলৰ এনএছঅ’ নামৰ কোম্পানীটোৱে পেগাছাছ স্পাইৱেৰ প্ৰগৰেম নিৰ্মাণ কৰে। তেওঁলোকে এই প্ৰযুক্তি কোনো ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী নকৰে বৰং কোনো দেশৰ চৰকাৰকহে কৰে বুলি স্পষ্ট কৰি দিছিল। শেহতীয়াকৈ কোম্পানীটোৱে প্ৰকাশ কৰিছে যে, চৰকাৰে এই ছফ্টৱেৰ ব্যৱহাৰ কৰি যিসকল লোকৰ ওপৰত নজৰদাৰি কৰিছিল সেই তালিকা কোনো কাৰণতে কোম্পানীটোৱে প্ৰস্তুত কৰা তালিকা নহয়।

এনএছঅ’ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰে যে, ‘এয়া এনএছঅ’ৰ তালিকা নহয়, বা কেতিয়াও নাছিল। এয়া এক বিকৃত ৰূপত প্ৰকাশ কৰা তথ্য।’উল্লেখ্য যে, দ্য ৱায়াৰত দেশৰ ৩০০লোকৰ ফোন নম্বৰত অবৈধ নজৰদাৰিৰ তথ্য ফাদিল কৰি বিস্ফোৰক বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিৰে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। বিৰোধী দল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, ৰাজনৈতিক কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ ৰাজনীতিকৰ ফোনত পেগাছাছ প্ৰযুক্তিৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰাৰ তথ্যই চৰকাৰৰ চৰম অস্বস্তিত পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?