--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানী অভিনেতা ফাৱাদ খান অভিনীত হিন্দী ৰোমান্টিক-কমেডী ছবি ‘আবিৰ গুলাল’ ভাৰতত নিষিদ্ধ হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰসমূহে জনোৱা মতে, কাশ্মীৰলৈ অহা ২৬ জনৰো অধিক পৰ্যটকৰ মৃত্যু হোৱা পেহেলগামত সংঘটিত হোৱা আক্ৰমণক লৈ দেশজুৰি ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি মুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

শেহতীয়াকৈ পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান পুনৰবাৰ উত্থাপন কৰা ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (এফ ডব্লিউ আই চি ই)য়েও তেওঁলোকৰ সৈতে সহযোগিতা কৰা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে।

এই বক্তব্যই ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। "আবিৰ গুলাল" ছবিখন অহা ৯ মে'ত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। আৰতি এছ বাগদীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক হৈছে ইণ্ডিয়ান ষ্ট’ৰীজ, এ ৰিচাৰ লেন্স আৰু অৰ্জয় পিকচাৰ্ছ। মঙলবাৰে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি নিৰ্মাতাসকলে এটা টিজাৰ মুকলি কৰে।

এই মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে ফাৱাদ খান আৰু বানী কাপুৰে। তেওঁৰ আগন্তুক ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে দক্ষিণ কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ গভীৰ দুখ আৰু স্তম্ভিত হৈ পৰিছে বুলিও কয়।

ফাৱাদ খানে ইনষ্টাগ্ৰামত লিখিছে, "পেহেলগামত সংঘটিত জঘন্য আক্ৰমণৰ খবৰ পাই গভীৰভাৱে দুখী হৈছো। আমাৰ চিন্তা আৰু প্ৰাৰ্থনা এই ভয়ংকৰ কাণ্ডৰ বলি হোৱা লোকসকলৰ সৈতে আছে আৰু আমি এই কঠিন সময়ত তেওঁলোকৰ পৰিয়ালৰ বাবে শক্তি আৰু নিৰাময়ৰ বাবে প্ৰাৰ্থনা কৰিছো।"

কাপুৰেও ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে একেধৰণৰ আৱেগ শ্বেয়াৰ কৰে। তেওঁ লিখিছে, "পেহেলগামত নিৰীহ লোকৰ ওপৰত হোৱা আক্ৰমণৰ কথা পঢ়াৰ পৰাই মই স্তম্ভিত হৈ পৰিছো। মোৰ প্ৰকাশ কৰিবলৈ শব্দ নাই।মোৰ প্ৰাৰ্থনা ভুক্তভোগীৰ পৰিয়ালৰ সৈতে।"

FWICE-এ জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "শেহতীয়াকৈ পেহেলগামত সংঘটিত আক্ৰমণৰ পিছত FWICE-এ পুনৰবাৰ যিকোনো ভাৰতীয় ছবি বা মনোৰঞ্জন প্ৰকল্পত অংশগ্ৰহণ কৰা সকলো পাকিস্তানী শিল্পী, গায়ক আৰু কাৰিকৰী বিদ্যাবিদক সম্পূৰ্ণ বৰ্জনৰ আহ্বান জনাবলৈ বাধ্য অনুভৱ কৰিছে। ইয়াৰ ভিতৰত বিশ্বৰ যিকোনো ঠাইতে কৰা অভিনয় বা সহযোগিতাও অন্তৰ্ভুক্ত।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?