--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে সংঘটিত হোৱা পেহেলগামৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বকে কঁপাই গ’ল। পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। 

ছ’চিয়েল মিডিয়াতো এই সমগ্ৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে। এতিয়ালৈকে পাকিস্তানৰ কোনো খেলুৱৈয়ে এই বিষয়ে একো কোৱা নাছিল যদিও পেহেলগামৰ ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ হাফিজে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে মহম্মদ হাফিজৰ পোষ্ট। 

পাকিস্তান ক্ৰিকেট দলৰ হৈ দীৰ্ঘদিন ধৰি খেলাৰ লগতে অধিনায়কো আছিল মহম্মদ হাফিজ। এই ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কিবা এটা লিখা তেওঁ প্ৰথমজন পাকিস্তানৰ খেলুৱৈ। মহম্মদ হাফিজে পেহেলগামৰ আক্ৰমণক দুখজনক আৰু হৃদয় বিদাৰক বুলি অভিহিত কৰিছে। লগতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ হেচটেগ ব্যৱহাৰ কৰিছে। ঘটনাটোক লৈ দুখ প্ৰকাশ কৰা বাবে পাকিস্তানী লোকে মহম্মদ হাফিজক ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত বিচিচিআইয়েও ডাঙৰ সিদ্ধান্ত লৈছে। বৰ্তমান ভাৰতত আই পি এল চলি আছে আৰু বি চি চি আইয়ে সিদ্ধান্ত লৈছে যে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনত সকলো খেলুৱৈয়ে বাহুত ক’লা বেজ পৰিধান কৰিব। লগতে খেলৰ সময়ত চিয়াৰলিডাৰ নাথাকিব আৰু আতচবাজীও নাথাকিব। বিচিচিআইয়ে লগতে জনাইছে যে খেল আৰম্ভ হোৱাৰ পূৰ্বে দুইমিনিট মৌনতা অৱলম্বন কৰা হ’ব, য’ত নিহতসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?