--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ খবৰে সমগ্ৰ দেশতে প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে৷ মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিলে শিহৰণকাৰী আক্ৰমণ। বেছাৰাণত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়।

মৃতকসকলৰ ভিতৰত এখন ফটো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে৷ মৃত স্বামীৰ কাষত নিৰ্বাক হৈ বহি থকা এগৰাকী পত্নীৰ ফটো৷ মাত্ৰ দুমাহ পূৰ্বে ১২ ফেব্ৰুৱাৰীত বিয়া হৈছিল তেওঁলোকৰ৷ হানিমুনৰ উদ্দেশ্যৰে ভূ-স্বৰ্গ কাশ্মীৰত ভৰি থৈছিল নৱ বিবাহিত দম্পতীয়ে। 

নতুনকৈ বিয়া পাতি সংসাৰ আৰম্ভ কৰিবলৈ নৌ পাওঁতেই কানপুৰৰ চিমেণ্ট ব্যৱসায়ী শুভম দ্বিবেদীৰ প্ৰাণ ললে সন্ত্ৰাসবাদীয়ে। চিৰদিনলৈ মচ খালে ন-কইনা সান্যাৰ শিৰৰ সেন্দূৰ। 

পৰিয়ালৰ লোকে জনোৱা মতে, এই সময়ছোৱাত তেওঁক সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰাখিছিল। নাম সোধাৰ পিছতে সন্ত্ৰাসবাদীয়ে পত্নীৰ সন্মুখতে শুভম দ্বিবেদীক গুলীচালনা কৰে। 

চকুৰ সমুখতে স্বামীক হত্যা কৰা দেখি সান্যাই কৈছিল যে “মোকো আপোনালোকে মাৰি পেলাওক।” তেতিয়া সন্ত্ৰাসবাদীকেইটাই কৈছিল যে “আপোনাক হত্যা নকৰোঁ। আপুনি গৈ আপোনাৰ চৰকাৰক এই খবৰটো দিবগৈ।” 

উল্লেখ্য যে ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত উপত্যকাত সংঘটিত এইটোৱেই আটাইতকৈ মাৰাত্মক আক্ৰমণ। এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰৱ ভ্ৰমণৰ দুদিনীয়া ভ্ৰমণ কৰ্তন কৰি বুধবাৰে পুৱা দিল্লীলৈ উভতি আহে।

এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছে। ইফালে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই সন্ত্ৰাসবাদী আক্ৰমণক “শেহতীয়া বছৰবোৰত সাধাৰণ নাগৰিকৰ ওপৰত কৰা যিকোনো আক্ৰমণতকৈ বহু ডাঙৰ” বুলি অভিহিত কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?