--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া) জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা পেহেলগাম আক্ৰমণৰ গোচৰৰ তদন্তৰ ভাৰ গ্ৰহণ কৰি ২৬জন লোকৰ প্ৰাণহানি ঘটোৱা নৃশংস আক্ৰমণটোৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ প্রক্সি সংগঠন টি আৰ এফে সংঘটিত কৰা আক্ৰমণৰ গোচৰৰ গুৰুত্ব অনুধাৱন কৰি গৃহ মন্ত্ৰ্যালয়ে দিয়া নির্দেশৰ পাছতে কেন্দ্রীয় সংস্থাটোৱে শনিবাৰে এটা নতুন গোচৰ ৰুজু কৰে। 
উক্ত আক্ৰমণৰ ঘটনাৰ ৫ দিন আৰু নিয়াৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ ৪ দিনৰ পাছত নিয়াই তদন্তৰ ভাৰ গ্ৰহণ কৰে। নিয়াৰ উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ এজন বিষয়াৰ নেতৃত্বত এটা দলে ২৩ এপ্ৰিলত পহলগামৰ বৈছাৰন (ঘটনাস্থলী) পৰিদৰ্শন কৰিছিল। এজন নেপালী পৰ্যটককে ধৰি ২৫জন পর্যটক আৰু এজন কাশ্মীৰীৰ মৃত্যু হোৱা উক্ত আক্রমণ সংঘটিত হৈছিল ২২ এপ্রিলৰ বিয়লি ২ মান বজাত।

১৪টা স্থানীয় সন্ত্রাসবাদীৰ তালিকা: উল্লেখযোগ্য যে নিয়াই পহলগাম-কাণ্ডৰ তদন্তৰ ভাৰ লোৱাৰ সময়তে বিভিন্ন চোৰাংচোৱা এজেন্সিয়ে জম্মু-কাশ্মীৰত সক্ৰিয় হৈ থকা ১৪টা স্থানীয় সন্ত্রাসবাদীৰ এখন তালিকা প্রকাশ কৰিছে। সূত্র মতে, এই সন্ত্রাসবাদীকেইটাৰ বয়স ২০ৰ পৰা ৪০ বছৰ। চিনাক্ত কৰা এই সন্ত্রাসবাদীকেইটাৰ তিনিটা হিজবুল মুজাহিদীন, ৮টা লস্কৰ-ই-তৈয়বা আৰু তিনিটা জৈছ-ই-মহম্মদৰ সৈতে জড়িত। এই সন্ত্রাসবাদীকেইটা হৈছে- আদিল ৰেহমান দেন্টু (২১), আচিফ আহমেদ শ্বেখ (২৮), এহচান আহমেদ শ্বেখ (২৩), হাৰিচ নাজিৰ (২০), আমীৰ নাজিৰ ৱানী (২০), য়াৱাৰ আহমেদ ভাট, আচিফ আহমেদ খান্দে (২৪), নাচীৰ আহমেদ ৱানী (২১), শ্বহীদ আহমেদ কুতে (২৭), আমীৰ আহমেদ দৰ, জুবেইৰ আহমেদ বানী (৩৯), হাৰুন ৰশ্বিদ গানাই (৩২) আৰু জাকিৰ আহমেদ গনী (২৯)।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?