--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া সংঘাতে দুয়োখন দেশৰ নাগৰিকৰ মাজত শত্ৰুতা আৰু ঘৃণাৰ দেৱাল প্ৰায়ে শক্তিশালী কৰি তোলে। দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমাৰ দেশৰ এগৰাকী CRPF জোৱানে এগৰাকী পাকিস্তানী যুৱতীক বিয়া কৰালে। পত্নীয়ে এতিয়া পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ জম্মুৰ জোৱানজনৰৰ গাওঁ ভালৱাললৈ আহিছে। এই বিবাহৰ বিষয়ে সমগ্ৰ জম্মু-কাশ্মীৰত চৰ্চা হৈছে।

দৰাৰ নাম মুনীৰ আহমেদ আৰু কইনাৰ নাম মানেল খান। মানেলে সকলো বৈধ কাগজ-পত্ৰ লৈ শহুৰেকৰ ঘৰলৈ আহিছে। 

মুনীৰ আহমেদ বৰ্তমান ৰিয়াছি জিলাৰ শিৱ খোৰীত কৰ্মৰত হৈ আছে। জম্মু-কাশ্মীৰৰ বাসিন্দা চি আৰ পি এফ জোৱানজন। মুনীৰৰ কইনা মানেল খান পাকিস্তানৰ পঞ্জাৱৰ। 

২০২৪ চনৰ ২৪ মে’ত বিবাহপাশত আবদ্ধ হয় দুয়ো। ভিছা নোপোৱা বাবে দুয়োজনে এক অনন্য পদ্ধতি বাছি লৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিয়া পাতিলে।

আনুষ্ঠানিকভাৱে মুনীৰৰ পত্নী হোৱাৰ পিছত মানেলে ১৫ দিনৰ ভিছা পালে। ইয়াৰ পিছত তেওঁ আত্তৰী-ৱাগাহ সীমান্তৰে ভাৰতলৈ আহিছিল স্বামীক লগ কৰিবলৈ। মানেলৰ শহুৰৰ গৃহই তেওঁৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু পৰম্পৰাগত ৰীতি-নীতিৰে তেওঁক উষ্ম আদৰণি জনাইছিল। মানেলৰ আগমনৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁৱৰ ৰাইজে পাকিস্তানী কইনাক চাবলৈ গোট খালে। কইনাৰ আগমনৰ লগে লগে দৰাৰ মুখখন জিলিকি উঠিল। বৰ্তমান এই দুয়োৰে কাহিনী সমগ্ৰ জিলাতে চৰ্চা চলি আছে।

মানেল ভাৰতত উপস্থিত হোৱাৰ পিছত চোৰাংচোৱা সংস্থা সষ্টম হৈ আছে। পৰিস্থিতিৰ সংবেদনশীলতাক বুজি আৰক্ষীয়ে তেওঁৰ সকলো কাম-কাজ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। কিন্তু মানেলৰ শহুৰেকে দাবী কৰে যে তেওঁলোকৰ বোৱাৰীয়ে সকলো সংশ্লিষ্ট সংস্থাৰ পৰা ক্লিয়াৰেন্স লৈ বৈধভাৱে দেশত প্ৰৱেশ কৰিছে। লগতে তেওঁ কয় যে নতুন বোৱাৰীয়ে ঘৰখন চম্ভালি লৈছে আৰু তেওঁলোকক পৰম্পৰাগত ৰাজস্থানী ব্যঞ্জন ৰান্ধি খুৱাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?