--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকে বিয়া নাপাতো বুলি কোৱাত প্ৰেমিকাই ভাঙি দিলে প্ৰেমিকৰ হাত-ভৰি৷ বিয়া নাপাতো বুলি কোৱা কাৰণে প্ৰেমিকাৰ ইমানেই খং উঠিল প্ৰেমিকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি হাত-ভৰি ভাঙি দিয়ে।

পত্নী থকাৰ বাবে যুৱতীগৰাকীক বিয়া কৰাব পৰা নাছিল প্ৰেমিকে। হাৰিয়ানাৰ ফৰিদাবাদ ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি পৰিয়ালৰ সৈতে লগ লাগি ছোৱালীজনীয়ে প্ৰেমিকৰ হাত-ভৰি ভাঙি পেলায়। শৰীৰৰ ১৩ স্থানত হাড় ভাঙিছে যুৱকজনৰ। 

ছোৱালীজনীয়ে প্ৰেমিকক ঘৰলৈ ফোন কৰি মাতি আনি তাতে আধামৰা কৰে। আৰক্ষীৰ মতে, ধাৰলৈ লোৱা ধন ঘূৰাই দিয়াৰ অজুহাতত প্ৰেমিকক ঘৰলৈ মাতিছিল ছোৱালীজনীয়ে। আশ্চৰ্যজনক কথাটো হ’ল দুয়োজনেই বিবাহিত। প্ৰেমিকজন পত্নীৰ পৰা পৃথকে থাকে, আনহাতে প্ৰেমিকাগৰাকী ডিভোৰ্চী। এই বিষয়ত ৫জন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। যুৱকজন তিনি সন্তানৰ পিতৃ আৰু প্ৰেয়সীৰ এগৰাকী ১০ বছৰীয়া কন্যা সন্তান আছে।

হাত-ভৰি ভঙা অৱস্থাত ১৭ দিন ধৰি চিকিৎসালয়ত পৰি আছে গুলচন বজৰংগী। চিকিৎসালয়ত ভৰ্তি হৈ থকা গুলচনে কয় যে ২০১৫ চনত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ তিনিটা সন্তান আছে। আগতে জৱাহৰ কলনীত তেওঁ এখন মোবাইল দোকান চলাইছিল। গুলচনে জনোৱা মতে, ২০১৯ চনত তেওঁৰ দোকানলৈ এগৰাকী যুৱতী আহিছিল। তেওঁ মোবাইল মেৰামতি কৰিবলৈ আহিছিল। দোকানতে চিনাকি হৈ লাহে লাহে দুয়ো কথা পাতিবলৈ ধৰিলে আৰু বন্ধুত্ব গঢ়ি উঠিল। খুব কম সময়ৰ ভিতৰতে দুয়োৰে হৃদয়ত প্ৰেমৰ গোলাপো ফুলি উঠিল।

৯ বছৰ পূৰ্বে যুৱতীগৰাকীয়ে স্বামীক বিবাহ বিচ্ছেদ কৰিছিল। যুৱতীগৰাকীয়ে গুলচনক বিয়াৰ বাবে হেঁচা দিবলৈ ধৰিলে। তেওঁ যুৱতীগৰাকীক কৈছিল যে তেওঁ বিবাহিত আৰু তেওঁৰ তিনিটা সন্তান আছে, কিন্তু যুৱতীগৰাকীয়ে তেওঁক অহৰহ বিয়াৰ বাবে হেঁচা দি থাকিল। প্ৰেমিকাগৰাকীয়ে গুলচনক পত্নী আৰু সন্তানক হত্যা কৰিবলৈ নহ’লে বিবাহ বিচ্ছেদ কৰিবলৈ পৰামৰ্শ দিছিল। এই কথাত অশান্তি পাই তেওঁ প্ৰেমিকাক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ ফলত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়।

গুলচনে জনোৱা মতে, ২৯ মাৰ্চত তেওঁ যুৱতীগৰাকীক তেওঁৰ পৰা লোৱা চাৰে ২১ লাখ টকা ঘূৰাই দিবলৈ কয়। টকাখিনি ঘূৰাই দিবলৈ যুৱতীগৰাকীৰ ভায়েক অমিতে তেওঁক ফোন কৰি ঘৰলৈ মাতে। ঘৰত পৰিয়ালৰ সৈতে মিলি গুলচনৰ হাত-ভৰি ভাঙি দিয়ে যুৱতীগৰাকীয়ে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?