--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভ মেলাৰ পৰা শেহতীয়াকৈ এজন যুৱক ভাইৰেল হৈ পৰিছে। যুৱকজনৰ ব্যৱসায় হৈ পৰিছে চৰ্চাৰ বিষয়। শূণ্য মূলধনতে যুৱকজনে উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা। মহাকুম্ভত মাত্ৰ ৫ দিনতে যুৱকজনে ৪০ হাজাৰ টকা উপাৰ্জন কৰিলে।

মহাকুম্ভ মেলাত ঘূৰি ফুৰা এজন সাধাৰণ যুৱকৰ কাহিনীয়ে এতিয়া জনসাধাৰণৰ হৃদয় চুই গৈছে। যুৱকজনৰ ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে। প্ৰেমিকাৰ পৰামৰ্শ মতে মহাকুম্ভ মেলাত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি মাত্ৰ ৫ দিনতে তেওঁ ৪০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ল।

ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’টোত নীলা জেকেট পিন্ধা এজন যুৱকে হাতত নিম ঠাৰিৰ দাতোন লৈ থকা দেখা গৈছে। কোনো এজন ভিডিঅ’ ব্লগাৰে তেওঁক প্ৰশ্ন কৰে যে- “ভাই, আপুনি দাতোন বিক্ৰী কৰে নেকি?” ল'ৰাটোৱে কয় - হয়, মই নিমৰ দাতোন বিক্ৰী কৰি আছো। ভিডিঅ’ ব্লগাৰজনে আকৌ সুধিছে- ভাই, আপুনি কিমান টকা উপাৰ্জন কৰিলে? এই প্ৰশ্নত ল’ৰাজনে ক’লে যে তেওঁ ৫ দিনত ৪০ হাজাৰ টকাৰ দাতোন বিক্ৰী কৰিছে। তেওঁ যিমানেই এই কামটোত দৌৰিব পাৰিব সিমানেই উপাৰ্জন কৰিব পাৰিব বুলিও জনায়।

এই ব্যৱসায় কৰাৰ আইডিয়া ক’ৰ পৰা আহিল বুলি সোধাত তেওঁ হাঁহি হাঁহি গৌৰৱেৰে উত্তৰ দিলে – ‘‘মোৰ প্ৰেমিকাই মোক এই আইডিয়া দিছিল। প্ৰেমিকাই কৈছিল দাতোন বিক্ৰী কৰিবলৈ কোনো মূলধনৰ প্ৰয়োজন নহয় শূন্য ইনভেছমেণ্টতে এটা লাভজনক ব্যৱসায় কৰিব পৰা যাব। প্ৰেমিকাৰ প্ৰেৰণাতে এতিয়া মই ভাল উপাৰ্জন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছোঁ।’’

এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত যুৱকজনৰ সততা আৰু প্ৰকৃত ভালপোৱাৰ শলাগ লৈছে ৰাইজে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এইগৰাকী প্ৰেৰণাদায়িনী প্ৰেমিকাক তুমি কেতিয়াও নঠগিবা। আন এজনে লিখিছে – এজন প্ৰকৃত পুৰুষ, যিয়ে নিজৰ সফলতাৰ সম্পূৰ্ণ কৃতিত্ব প্ৰেমিকাক দিছে।

এনেদৰেই ভিন্ন মন্তব্য লিখি ভিন্নজনে যুৱকজনক প্ৰশংসাৰে উপচাই দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?