--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ দেশৰ জনসাধাৰণে পাকিস্তান আৰু তাৰ সন্ত্ৰাসবাদীক লৈ অত্যন্ত ক্ষোভিত হৈ পৰিছে। বৰ্তমান সমগ্ৰ দেশ চৰকাৰৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে৷ সন্ত্ৰাসবাদ শিপাৰ পৰা নিৰ্মূল হোৱাটো বিচাৰিছে একাংশ লোকে। 

ইফালে ভাৰতৰ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ দলেও পাকিস্তানক ভাবুকি দিছে। বিষ্ণই গেঙে পাকিস্তানক ধমকি দি কৈছে যে তেওঁলোকে  এজন সন্ত্ৰাসবাদীক হত্যা কৰিব। এই ভাবুকিৰে সন্ত্ৰাসবাদীৰ এখন ফটোও সংলগ্ন কৰা হৈছে। এই সন্ত্ৰাসবাদী কোন আৰু কি কি অপৰাধ সংঘটিত কৰিছে জানো আহক।

দৰাচলতে কাশ্মীৰৰ পহলগামত সংঘটিত আক্ৰমণৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল গেংষ্টাৰ লৰেন্স বিষ্ণোই গেঙে। এই পোষ্টটোত সন্ত্ৰাসবাদী হাফিজ ছাইদৰ এখন ছবি লগোৱা হৈছে আৰু তাৰ ওপৰত ক্ৰছ লগোৱা হৈছে। পোষ্টটোত লিখা আছে, "আপুনি আমাৰ নিৰীহ মানুহক হত্যা কৰিলে, এতিয়া আমি পাকিস্তানত প্ৰৱেশ কৰি এজন মানুহক হত্যা কৰিম।"
Pakistan wants United Nations probe into revelation of Hafiz Saeed related  information to Indian News Agency PTI आतंकी हाफिज सईद के बारे में जानकारी  हुई लीक तो बौखलाया पाकिस्तान, India Hindi News -
সেই সন্ত্ৰাসবাদীটো হাফিজ ছাইদ। হাফিজ হৈছে বৃহৎ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী। এই সন্ত্ৰাসবাদীয়েই মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল। ইয়াৰ বাহিৰেও ভাৰতত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ অধিকাংশতে হাফিজৰ হাত আছে। এই সন্ত্ৰাসবাদীয়ে পুলৱামাত একেলগে কেইবাজনো জোৱানক বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰও ৰচনা কৰিছিল। ভাৰতৰ বাহিৰেও বিশ্বৰ বহু দেশে হাফিজক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে। ভাৰতে কেইবাবাৰো পাকিস্তানক এই সন্ত্ৰাসবাদীক গতাই দিবলৈ কৈছে যদিও পাকিস্তানে তেওঁক আশ্ৰয় দিছে।

ভাৰতৰ বহু ৰাজ্যত অহৰহ সক্ৰিয় হৈ আছে লৰেন্স বিষ্ণই গেং। এই গেঙৰ মূৰব্বী লৰেন্স বৰ্তমান গুজৰাটৰ এখন কাৰাগাৰত আবদ্ধ হৈ আছে। অৱশ্যে তেওঁৰ সহযোগীসকলে হত্যা আৰু মুক্তিপণৰ দৰে কামবোৰ অহৰহ চলাই আহিছে। ছলমান খানৰ ঘৰত হোৱা গুলীচালনা আৰু বাবা ছিদ্দিকীৰ হত্যাকাণ্ডত এই গেঙৰ নাম আহিছিল। ইয়াৰ উপৰিও পঞ্জাৱৰ বিখ্যাত গায়ক সিধু মূছেৱালাকো বিষ্ণই গেঙে হত্যা কৰিছিল। এতিয়া এই ভয়ংকৰ দলটোৱে পাকিস্তানক মুকলিকৈ ভাবুকি দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?