--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, অন্ত নাই জল্পনা কল্পনাৰ৷ এতিয়াও ৰহস্য হৈ আছে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব। শিৱসেনাৰ এক শীৰ্ষ সূত্ৰই জনাইছে যে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শিৱসেনাক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে যদি মহাযুটীয়ে সংখ্যাগৰিষ্ঠতা পায় তেন্তে একনাথ সিন্দেক মুখ্যমন্ত্ৰীৰ পদ দিয়া হ’ব।

জানিব পৰা মতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা কেইবাখনো বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে বিজেপিয়ে সৰ্বাধিক আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব, কিন্তু মহাযুটীয়ে যিমানেই আসন নাপাওক কিয়, মহাযুতিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে সিন্দে মুখ্যমন্ত্ৰী হৈ থাকিব। যদি শিৱসেনা ফৈদে উপ মুখ্যমন্ত্ৰীৰ পদ পায়, তেনেহ’লে একনাথ সিন্দেৰ সলনি সিন্দে ফৈদৰ আন কোনোবা এজন হে উপ-মুখ্যমন্ত্ৰী হ’ব।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মহাযুটীয়ে এক ঐতিহাসিক বিজয় অৰ্জন কৰে। বিজেপিয়ে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। বিজেপিয়ে ১৩২খন আসনত জয়লাভ কৰে। এই বৃহৎ বিজয়ৰ পিছত মহাযুটীত মুখ্যমন্ত্ৰী পদক লৈ বিতৰ্ক চলিছে। মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে দেৱেন্দ্ৰ ফাড়নবিছ আৰু একনাথ সিন্দে মাজত। বিজেপিয়ে ফাড়নৱীছক মুখ্যমন্ত্ৰী পদত বিচাৰিছে, আনহাতে শিৱসেনাই সিন্দেৰ নেতৃত্বক সমৰ্থন কৰিছে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৩২খন আসন, শিৱসেনাই ৫৭খন আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪১খন আসন লাভ কৰিছিল।

উদ্ধৱ ফৈদৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে মুখ্যমন্ত্ৰীৰ পদত কোন অধিস্থিত হ’ব ঘোষণা নকৰাৰ বাবে বিজেপিক লক্ষ্য কৰি কয় যে ফলাফল অহা ইমান দিন হ’ল যদিও মুখ্যমন্ত্ৰী কোন হ’ব এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। যদি দেৱেন্দ্ৰ ফাড়নাভিছৰ নাম সিদ্ধান্ত লোৱা হৈছে তেন্তে সোনকালে ঘোষণা কৰক।

শেহতীয়া খবৰ অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে সৃষ্টি হোৱা অচলাৱস্থাৰ অন্ত পেলাই, আত্মসমৰ্পণ একনাথ সিন্দেৰ৷ মহাযুটীৰ স্বাৰ্থত মুখ্যমন্ত্ৰী পদৰ দাবী ত্যাগ কৰাৰ ইংগিত দিছে একনাথ সিন্দে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সিদ্ধান্ত সাৰ্বজনীনভাৱে গ্ৰহণ কৰা হ’ব আৰু তেওঁলোকে যি সিদ্ধান্তই নলওক কিয় মানিলোৱা হ’ব বুলি মন্তব্য কৰে একনাথ সিন্দে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?