--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%


মুম্বাই : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ পাছৰে পৰা দেশত নিষিদ্ধ নিচাৰ কৱলত পৰা চেলিব্ৰিটিৰ কাহিনীয়ে তোলপাৰ লগাই আছে। ইজনৰ পাছত সিজন তাৰকা জেৰাৰ সন্মুখীন হৈছে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰৰ। একাধিক হৈছে গ্ৰেপ্তাৰ। এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। ড্ৰাগছৰ গোচৰত শুকুৰবাৰে ৰকুল প্ৰীত সিঙৰ দৰে তাৰকা অভিনেত্ৰীও ব্যুৰোৰ জেৰাৰ সন্মুখীন হৈছে।

তাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক বিস্ফোৰক খবৰ। এইবাৰ ব্যুৰৰ জালত পৰিছে এজন ইউটিউবাৰ। ব্যাপক পৰিমাণৰ ‘মানালি চাৰস’ অৰ্থাত গাঁজাসহ গ্ৰেপ্তাৰ হৈছে ইউটিউবাৰ গৌতম দত্ত। ইউটিউবাৰৰ জিম্মাৰ পৰা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে জব্দ কৰিছে ৫০ লাখ টকা দামৰ ১ কিলোগ্ৰাম নিষিদ্ধ ‘মানালি চাৰস’। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ নিচাজাতীয় সামগ্ৰী নিবাৰক শাখাই আন্ধেৰী এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে ইউটিউবাৰ দত্তক। ইউটিউবাৰৰ পৰিচয় লৈ প্ৰতিষ্ঠিত হ’লেও নিষিদ্ধ নিচাৰ সৰবৰাহত জড়িত দত্তৰ গ্ৰেপ্তাৰে আন এখন গোপন দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। দত্তৰ বলীউডৰ সৈতে সুসম্পৰ্ক আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ বলীউড তাৰকাক নিষিদ্ধ নিচাৰ যোগান ধৰাৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে।

শুকুৰবাৰে নিয়মীয়া তালাচীৰ সময়তে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোই সন্দেহবশতঃ গৌতম দত্তক আটক কৰিছিল। তেওঁ কঢ়িয়াই ফুৰা বেগটো পৰীক্ষা কৰাৰ সময়ত আৰক্ষীয়ে এক কিলোগ্ৰাম ‘মানালি চাৰস’ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জ্যেষ্ঠ আৰক্ষী বিষযে দত্ত নালাৱাড়েই এই তথ্য সদৰি কৰিছে। ৫০ লাখ টকা দামৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰৰ পাছতে আৰক্ষীয়ে তেওঁ ড্ৰাগছ প্ৰতিৰোধী কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰে। ইউটিউবাৰজনৰ গ্ৰেপ্তাৰে মায়ানগৰাকীত নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা সন্দৰ্ভত আন ভালেমান দিশ পোহৰলৈ অনাৰ সম্ভাৱনা আছে। ব্যুৰোই এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?