নতুন দিল্লীঃ অভিনেতা তথা চিত্ৰ সমালোচক কামাল আৰ খানে বিভিন্ন সময়ত নানা বিতৰ্কিত মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এইবাৰ চলচ্চিত্ৰ জগতৰ দুই তাৰকা সম্পৰ্কত অভিনেতাগৰাকীৰ ভৱিষ্যদ্বাণী। শেহতীয়াকৈ তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক। আগন্তুক ১০বছৰৰ ভিতৰত নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ ডিভ’ৰ্ছ হ’ব বুলি ভৱিষ্যদ্বাণী কামাল আৰ খানৰ। বলীউডৰ ‘বেড বয়’ খ্যাত কামাল আৰ খানৰ এই মন্তব্যৰ পাছতে টুইটাৰত সমালোচনাৰ জোৱাৰ উঠিছে। সমালোচিত হৈছে কামাল আৰ খান।
উল্লেখ্য যে, ২০১৯ বৰ্ষত বিবাহপাশত আবদ্ধ হৈছিল বলীউডৰ দেশী গাৰ্ল আৰু হলীউডৰ পপ গায়ক নিক জোনাছ। এতিয়া লছ এঞ্জেল’ছৰ বাসিন্দা দুই তাৰকাই হিন্দু আৰু খ্ৰিষ্টীয়ান দুয়োটা ধৰ্মৰ ৰীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল। নিক জোনাছৰ সৈতে সুখৰ সংসাৰ গঢ়িছে প্ৰাক্তন বিশ্বসুন্দৰী প্ৰিয়ংকাই।
প্ৰিয়ংকাই বিয়াৰ পাছত বলীউডৰ কামত মনোনিৱেশ কৰিব পৰা নাই যদিও হলীউডৰ ভালেসংখ্যক কাম হাতত লোৱা দেখা গৈছে। বিভিন্ন আন্তঃৰ্জাতিক মঞ্চত প্ৰশংসিত হৈছে দুই যুটি। এনে সময়তে কামাল আৰ খানৰ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষুন্ন হৈ পৰিছে দেশৰ সচেতন নাগৰিক। একাংশই যদি তেওঁক আনৰ ভালটো লক্ষ্য কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে, তেনেকৈ একাংশই আকৌ আগন্তুক ৫ বছৰত পত্নী, সন্তানৰে সৈতে তেওঁৰ বিচ্ছেদ হ’ব বুলিও মতপোষণ কৰিছে।