--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই নিজ পুত্ৰ সন্তানক হত্যা কৰিলে মাতৃয়ে। মাত্ৰ ৪ বছৰ বয়সতে পাষাণ মাতৃৰ পাশৱিকতাৰ বলি হৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে শিশুটোৱে। 

উত্তৰ প্ৰদেশৰ কানপুৰত ঘটিছে এই জঘন্য ঘটনা। শিশুটোৱে পিন্ধি থকা তাবিজৰ ৰচীৰে মাতৃয়ে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছতো তেওঁ সন্তুষ্ট নহ’ল আৰু নিৰীহ শিশুটিক কেইবা ঠাইতো দাঁতেৰে কামুৰি ক্ষত-বিক্ষত কৰে। তাৰপাছত পুত্ৰৰ মৃতদেহটো কাপোৰেৰে মেৰিয়াই ককাকৰ কাষৰ বিচনাখনত থৈ আহে আৰু তেওঁ ​পাকঘৰলৈ গৈ খাদ্য ৰন্ধাত ব্যস্ত হৈ পৰে। 

কিছুসময়ৰ পাছত যেতিয়া ককাক ফুল সিঙে শিশুটিয়ে অলপো লৰচৰ কৰা দেখা নাপালে, তেতিয়া তেওঁ চাদৰখন খুলিলে আৰু নাতিটো তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দেখিলে। তেতিয়া ফুল সিঙে চিঞৰ-বাখৰ লগায় আৰু পৰিয়ালৰ সকলো সদস্য সেই ঠাইত গোট খায়।  পৰিয়ালৰ মানুহে মাতৃ মনীষাক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। কঠোৰ জেৰাৰ অন্তত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে।

আৰক্ষীয়ে তদন্ত কৰা সময়ত পোহৰলৈ আহিল যে মনীষাই গাঁৱৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু সেই পৰকীয়া 
প্ৰেমত ৪ বছৰীয়া সন্তানটি বাধা হৈ পৰিছিল, সেয়েহে শিশুটিক চিৰদিনলৈ আঁতৰাই পঠোৱাৰ চিন্তা কৰে মনীষাই। 

গোটেই ঘটনাটো কানপুৰৰ নৰৱাল অঞ্চলৰ। সেই গাঁৱৰে যুৱক সুশীলৰ বিয়া হৈছিল ফতেহপুৰৰ খাগাৰ বাসিন্দা মনীষাৰ সৈতে। তেওঁলোকৰ সংসাৰত আছিল অনিৰুদ্ধ সিং নামৰ ৪ বছৰীয়া এটি মৰমলগা পুত্ৰ সন্তান। কিছুদিন পূৰ্বে মনীষাই একেখন গাঁৱৰ এজন যুৱকৰ প্ৰেমত পৰিছিল। স্বামী সুশীলে এই কথাক লৈ পত্নীক গালি-গালাজ পাৰিছিল যদিও মনীষাৰ শুধৰণি নহ’ল।

প্ৰেমিকৰ নামত উন্মাদ হৈ পৰা মনীষা এমাহ আগতে প্ৰেমিকৰ লগত পলাই গৈছিল, লগত অনিৰুদ্ধকো লৈ গৈছিল। প্ৰেমিকৰ পৰিয়ালক হেঁচা দি স্বামীয়ে কেনেবাকৈ মনীষাক নিজৰ ঘৰলৈ উভতাই আনিলে। মাত্ৰ তিনিদিন আগতে মনীষা সন্তানৰ সৈতে তেওঁৰ ওচৰলৈ উভতি আহিছিল। ঘৰ পোৱাৰ লগে লগে সুশীলে মনীষাক তিৰস্কাৰ কৰি সুধিলে যে ''তুমি পলাইছা কিন্তু মোৰ ল’ৰাটোক লগত কিয় লৈ গৈছিলা?''

মনীষাই মনে মনে স্বামীৰ কথা শুনি থাকিল আৰু সিদ্ধান্ত ল’লে যে এই সন্তানৰ বাবেই তাইৰ প্ৰেমৰ সম্পৰ্কত প্ৰভাৱ পৰিছে গতিকে তাক প্ৰেমৰ ৰাস্তাৰ পৰা আঁতৰাই পঠাবই লাগিব। ইয়াৰ পাছতেই অতি বৰ্বৰভাৱে মনীষাই হত্যা কৰে নিজ পুত্ৰক।

সম্প্ৰতি স্বামীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মাতৃ মনীষাক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই সকলোকে জোঁকাৰি গৈছে। আদালতত হাজিৰ কৰাৰ পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?