--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে হিমাচল প্ৰদেশ। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণে সৃষ্টি কৰা ভূমিস্খলন, আকস্মিক বানপানী আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যজুৰি মুঠ ২২ গৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। এই ভয়াৱহ দুৰ্যোগত শোকাৱহভাৱে মৃত্যুক সাবটিব লগীয়া হৈছে একেটা পৰিয়ালৰে আঠগৰাকীকৈ লোকে। তদুপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকীও লোক সন্ধানহীন হৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰিছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সঞ্চালক গৰাকীয়ে শনিবাৰে জানিবলৈ দিয়া মতে ৰাজ্যখনৰ মাণ্ডি, কাংৰা আৰু চম্বা জিলাত সৰ্বাধিক ক্ষতিৰ খবৰ পোৱা গৈছে। মাণ্ডিৰ মানালী-চণ্ডিগড় ৰাষ্ট্ৰীয় ঘাইপথ আৰু শোঘিৰ চিমলা-চান্দিগাথ ঘাইপথকে ধৰি প্ৰায় ৭৪৩ টা পথত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে।

ইফালে কেৱল মাণ্ডিত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত ১৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। নিহতসকলৰ উপৰিও আন পাঁচজন ব্যক্তি জিলাখনত সন্ধানহীন হৈ আছে বুলি স্থানীয় উপায়ুক্ত গৰাকীয়ে সদৰী কৰিছে।

জিলাখনৰ গোহৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কাশান গাঁওনিবাসী এটা পৰিয়ালৰ আঠজনকৈ সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই জোকাৰি গৈছে সকলোকে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) আৰু আৰক্ষীৰ দ্বাৰা চাৰি ঘণ্টা ধৰি চলা তালাচী অভিযানৰ পিছত এই আঠগৰাকী সদস্যৰ মৃতদেহ তেওঁলোকৰ ঘৰৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হয়।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ আৰু বিজেপি সভাপতি জে পি নাড্ডাই দুৰ্যোগত নিহত সকলৰ প্ৰতি মৃত্যুত শোক প্ৰকাশ কৰি প্ৰশাসনে প্ৰভাৱিত জিলাসমূহত যুদ্ধকালীন পৰ্যায়ত উদ্ধাৰ অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?