--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রতিযোগিতামূলক ক্রিকেটলে ঘূৰি আহিবলৈ হয়তো যশপ্রীত বুমৰাহক অলপ বেছি সময় লাগিব পাৰে। কাৰণ বেগী বলাৰ বুমৰাহে এতিয়াও বি চি চি আইৰ চেন্টাৰ অব এক্সেলেন্সত পূর্ণ শক্তিৰে বলিং কৰিব পৰা নাই। 

ইফালে, পেচাৰ আকাশদীপৰ প্রত্যাৱর্তনো এসপ্তাহ পিছুৱাই গৈছে। বুমৰাহ চিকিৎসাজনিত দিশেৰে ফিট হৈ উঠিছে যদিও তেওঁৰ কামৰ বোজা ক্রমান্বয়ে বৃদ্ধি পাইছে। কাৰণ তেওঁৰ পিঠিৰ ষ্ট্ৰেছ ফেকচাৰ হোৱাৰ আশংকা আছে। 

আনহাতে, আকাশদীপেও পিঠিৰ বিষত ভুগি আছে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া ভ্রমণৰ পাছৰে পৰাই দুয়োগৰাকী ক্রিকেটাৰ প্রতিযোগিতামূলক ক্রিকেটৰ পৰা আঁতৰি আছে। জানুৱাৰীৰ প্রথম সপ্তাহত ছিডনী টেষ্টৰ সময়তে পিঠিৰ আঘাতত ভোগে বুমৰাহে। ইয়াৰ বিপৰীতে আকাশদীপে কিছু অস্বস্তিবোধ কৰাৰ কাৰণে মূল একাদশত স্থান পোৱা নাছিল। ইফালে, আই পি এলৰ পাছতেই ৫খনীয়া টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতে। 

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ব'ৰ্ডৰ চিকিৎসকৰ দলে বুমৰাহৰ প্ৰসংগত খুব সাৱধানী পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি নির্বাচক সমিতি আৰু দলীয় মেনেজমেণ্টে ৫খনীয়া টেষ্টৰ বাবে বুমৰাহৰ ওপৰত নিৰ্ভৰ কৰিব খোজা নাই। উল্লেখযোগ্য যে বুমৰাহে প্রথমে ১ এপ্রিলৰ ভিতৰত মুম্বাই ইণ্ডিয়ানছত যোগ দিয়াৰ কথা আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?