--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপঞ্চম প্ৰজন্মত প্ৰৱেশ কৰিলে দেশৰ  মোবাইল প্ৰযুক্তিয়ে। শনিবাৰে ভাৰতত ৫জি প্ৰযুক্তি মুকলি কৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  প্ৰথমাৱস্থাত দেশৰ ১৩ খন চহৰত  অত্যাধুনিক মোবাইল প্ৰযুক্তিৰ শুভাৰম্ভ কৰা হয়। অহা দুবছৰৰ ভিতৰত সমগ্ৰ দেশতে ৫জি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি আজি কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰে।

টেলিকম বিভাগে কয়  যে প্ৰথম পৰ্যায়ত ভাৰতৰ ১৩  চহৰত ৫ জি সেৱা উপলব্ধ হ'ব। 

টেলিকম খণ্ডৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে ৫জি প্ৰযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব। ২০২৩ ৰ পৰা ২০৪০চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিয়ে কেৱল ৫ জি প্ৰযুক্তিৰ বাবে অতিৰিক্ত ৫০০ নিযুত ডলাৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। 

মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ'ই সৰ্বাধিক ৫জি স্পেকট্ৰাম লাভ কৰিছে। তেওঁলোকে পঞ্চম প্ৰজন্ম বা ৫ জি স্পেকট্ৰামৰ বাবে ৮৮,০৭৮  কোটি টকাৰ  চুক্তি কৰিছে। আজি ৫ জি নেটৱৰ্ক আৰম্ভ হোৱা দেশৰ ১৩  খন চহৰৰ ভিতৰত আছে আহমেদাবাদ, বাংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই আৰু পুনে।৪ জি নেটৱৰ্ত্কৈকতকৈ ৫ জি প্ৰায় ১০ গুণে বেছি দ্ৰুত হ’ব। ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আদিৰ দৰে মুখ্য কাৰ্যসূচী সমূহ এই সেৱাৰ জৰিয়তে যথেষ্ট লাভন্বিত হ’ব বুলি ধাৰণা কৰা হৈছে৷

চৰকাৰী মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে ৫ জি স্পেকট্ৰামৰ নিলামৰ অধীনত মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্জ নিলাম কৰা হ’ব। নিম্ন বেণ্ড উইথত ৬০০ মেগাহাৰ্জ, ৭০০ মেগাহাৰ্জ,৮০০ মেগাহাৰ্জ,৯০০ মেগাহাৰ্জ, ১৮০০ মেগাহাৰ্জ, ২১০০ মেগাহাৰ্জ, ২৩০০ মেগাহাৰ্জ, মধ্যম বেণ্ড উইথত ৩৩০০ মেগাহাৰ্জ আৰু উচ্চ বেণ্ড উইথত ২৬ গিগাহাৰ্জ ফ্ৰিকুৱেন্সি বেণ্ডৰ স্পেকট্ৰাম নিলাম কৰা হ’ব বুলি তেওঁ কয়।

স্পেকট্ৰামৰ নিলাম ২০ বছৰৰ বাবে হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ 

৫ জি সেৱাত ইণ্টাৰনেটৰ গতি যথেষ্ট বৃদ্ধি হ'ব। ফলস্বৰূপে, যিকোনো ডাঙৰ ফাইল, চিনেমা বা গান কিছু মুহূৰ্তৰ ভিতৰতে ডাউনলোড কৰিব পৰা যাব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?