--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২১ ছেপ্টেম্বৰ বুধবাৰে পুৱা এই পৃথিৱীৰ পৰা বিদায় লয় বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে। নিজৰ কথাৰে সকলোকে হাঁহিবলৈ বাধ্য কৰা ৰাজু শ্ৰীবাস্তৱে সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা বিদায় লয়। কালি ৫৮ বছৰ বয়সত দিল্লীৰ এইমছ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি তেওঁৰ নিথৰ দেহ পঞ্চভূতত বিলীন হয়।

ছ’চিয়েল মিডিয়াত অক্ষয় কুমাৰৰ পৰা কপিল শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীলৈকে ৰাজু শ্ৰীবাস্তৱক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়। ১০ আগষ্টৰ পৰা তেওঁক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৪১দিন চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত ২১ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু শ্ৰীবাস্তৱে। মৃতকৰ শেষকৃত্য আজি অৰ্থাৎ বৃহস্পতিবাৰে সম্পন্ন কৰা হয়। ৰাজু শ্ৰীবাস্তৱৰ পুত্ৰ আয়ুষ্মানে তেওঁৰ মুখাগ্নি কৰে।পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ বাহিৰেও শ্মশানত তেওঁৰ অনুৰাগীৰ বিপুল ভিৰ পৰিলক্ষিত হয় আৰু তেওঁৰ অনন্য সহযোগী কমেডিয়ান সুনীল পালকো দেখা গৈছিল।

 মনোৰঞ্জন জগতখনৰ উপৰি ৰাজনীতিৰ লগত জড়িত লোকসকলেও ৰাজু শ্ৰীবাস্তৱক শেষ বিদায় দিবলৈ শ্মশানত উপস্থিত হয়। তেওঁৰ মৃতদেহ এম্বুলেন্সেৰে দিল্লীৰ নিগম বোধ ঘাটলৈ লৈ যোৱা হয়। অনুৰাগীসকলে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?