--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাইজৰ বিপুল সঁহাৰিত সফলতাৰে সম্পন্ন প্রাগ চিনে এৱাৰ্ড-২০২৫। অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান প্ৰাগ চিনে এৱাৰ্ডলৈ অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। 

এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া ছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত আৰু অনুপ্ৰাণিত কৰা। ২০০৩ চনত এই অনুষ্ঠানটোৱে জন্ম লাভ কৰিছিল। ২০১৫ চনৰ পৰা এই বঁটা-প্ৰদান অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আনসমূহ ছবি-উদ্যোগকো সামৰি লয়। প্ৰাগ চিনে এৱাৰ্ড উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ সাংস্কৃতিক ক্ষেত্ৰৰ বঁটা প্রদান অনুষ্ঠান।  

কোনে কোনে লাভ কৰিলে প্ৰাগ চিনে এৱাৰ্ড-২০২৫

যশস্বী অভিনেত্ৰী ৰীনা বৰালৈ জীৱনযোৰা সাধনা বঁটা
‘স্বৰ্গৰথ’লৈ শ্ৰেষ্ঠ ছবিৰ প্ৰাগ চিনে এৱাৰ্ডছ
সুব্ৰত কাকতি(SUV)লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা 
বিদুৰভাই ছবিৰ বাবে সুব্ৰতলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা 
‘স্বৰ্গৰথ’ ছবিৰ বাবে সিদ্ধাৰ্থ শৰ্মালৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা 
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে জেনেট বে’ই
পিশাচ ছবিৰ বাবে জেনেটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা 
চিণ্ময় চক্ৰৱৰ্তীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে এই বঁটা লাভ চিণ্ময়ৰ 
ডৰথী ভৰদ্বাজলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা 
‘ইতি তোমাৰ’ ছবিৰ বাবে ডৰথীলৈ এই বঁটা 
শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰে ৰূপম ভূঞাই 
প্ৰতিশ্ৰুতি ছবিৰ ‘ৰিঙা ৰিঙা’ শীৰ্ষক গীতৰ বাবে এই বঁটা
গায়ত্ৰী হাজৰিকালৈ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা 
ৱাইড এংগ’ল ছবিৰ ‘শূন্যতা’ শীৰ্ষক গীতৰ বাবে এই বঁটা 
ইবচনলাল বৰুৱালৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা 
ইমন ছবিৰ বাবে ইবচনলাললৈ এই বঁটা প্ৰদান 
প্ৰণয় দত্তলৈ শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটা প্ৰদান
সৌভিক ফুকন আৰু নৱপন ডেকালৈ শ্ৰেষ্ঠ চাউণ্ড ডিজাইনাৰ বঁটা
বিদুৰভাই ছবিৰ বাবে এই বঁটা সৌভিক আৰু নৱপনলৈ
মন্দিতা গোস্বামীলৈ শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে মন্দিতা গোস্বামীলৈ এই বঁটা 
স্বৰ্গৰথ ছবিৰ বাবে অকু বোথ্ৰালৈ শ্ৰেষ্ঠ ৰূপসজ্জা বঁটা 
‘স্বৰ্গৰথ’ৰ ‘মন বন্ধু’ গীতৰ বাবে দীপক দে’লৈ শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফী বঁটা 
শ্যামলময়ূৰ চেতিয়া, সমীল নাৰায়ণলৈ শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে এই বঁটা শ্যামলময়ূৰ আৰু সমীললৈ
বিদুৰভাই ছবিৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা সুব্ৰত কাকতিলৈ   
পিশাচ ছবিৰ বাবে পাপু ডেকালৈ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰ বঁটা 
‘স্বৰ্গৰথ’ৰ বাবে শ্ৰেষ্ঠ VFXৰ বঁটা ৰাতুল ডেকা-নীল গোস্বামীলৈ
‘স্বৰ্গৰথ’ ছবিৰ বাবে ৰাজেশ যাদৱলৈ শ্ৰেষ্ঠ Colouristৰ বঁটা 
বিদুৰভাই ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা সুব্ৰত কাকতিলৈ
শ্ৰেষ্ঠ গীতিকাৰ বঁটা আমৰিনা জেৰিয়ানালৈ 
প্ৰতিশ্ৰুতি ছবিৰ ‘ৰিঙা ৰিঙা’ গীতটিৰ বাবে এই বঁটা 
ইমন ছবিৰ শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা বেদাংসী শইকীয়ালৈ 
প্ৰতিশ্ৰুতি ছবিৰ বাবে শ্ৰেষ্ঠ একচন পৰিচালকৰ বঁটা বিভাষ সিনহালৈ
পিশাচ ছবিৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বঁটা নিৰূপম শইকীয়ালৈ 
বিদুৰভাই ছবিৰ বাবে শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা বলীন বৰালৈ 
জুৰিৰ বিশেষ বঁটা নেপালী ছবি ‘তাৰা দ্য ল’ষ্ট ষ্টাৰ’লৈ 
পিশাচ ছবিৰ বাবে অমিত ৰাগলৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা 
শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা পাৰ্থপ্ৰতীম হাজৰিকালৈ 
সুন্দৰপুৰ কেঅ’চ ছবিৰ বাবে এই বঁটা পাৰ্থপ্ৰতীমলৈ
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা ধ্যানী মোহনলৈ 
‘চিকাৰ আৰু ৱাইড এংগল’ ছবিৰ বাবে এই বঁটা ধ্যানীলৈ 
বিদুৰভাই ছবিলৈ শ্ৰেষ্ঠ ছবিৰ সমালোচকৰ বঁটা 
পাৰভেজ আহমেদলৈ শ্ৰেষ্ঠ পৰিচালকৰ সমালোচকৰ বঁটা 
‘ইতি তোমাৰ’ ছবিৰ বাবে এই বঁটা পাৰভেজ আহমেদলৈ
কমললোচন ডেকালৈ সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা বঁটা 
স্বৰ্গৰথ ছবিৰ বাবে কমললোচনলৈ এই বঁটা 
প্লাৱিতা বৰঠাকুৰলৈ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে এই বঁটা প্লাৱিতা বৰঠাকুৰলৈ 
‘সমাজ-চিনেমা-যৌনতা’লৈ চিনেমাৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা 
প্ৰশান্ত কুমাৰ দাসৰ গ্ৰন্থ ‘সমাজ-চিনেমা-যৌনতা’
অনাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা হিন্দী ছবি ‘৩ অক্টোবৰ’লৈ
মণিপুৰী ছবি ‘সুনীতা’লৈ উত্তৰ-পূবৰ শ্ৰেষ্ঠ ছবিৰ বঁটা 
উত্তৰ-পূবৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰিয়কান্ত লেইচৰামলৈ 
মণিপুৰী ছবি ‘ৱান নেচ আমাটা অইনা’ৰ বাবে এই বঁটা 
দেওৰাজ চেৰপালৈ উত্তৰ-পূবৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা 
মণিপুৰী ছবি ‘তাৰা দ্য ল’ষ্ট ষ্টাৰ’ৰ বাবে এই বঁটা চেৰপালৈ 
উত্তৰ-পূবৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা নৰ্মদা চৌগাইজামলৈ 
মণিপুৰী ছবি ‘সুনীতা’ৰ বাবে এই বঁটা নৰ্মদালৈ 
সুলক্ষণা বৰুৱালৈ টপচেম এচিভাৰ এৱাৰ্ড
বাহাৰুল ইছলামলৈ গ্ল’ৱেল আইকন এৱাৰ্ড 
 
 





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?