--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কবিয়ে কৈছে, মধুময় পৃথিৱীৰ ধূলি। পিছে এই ধূলি কেৱল মধুময়েই নহয়, এই ধূলিকণাই যুগযুগান্তৰৰ ৰহস্যও কঢ়িয়াই লৈ ফুৰিছে। তেন্তে ৰোমাঞ্চিত হোৱাটো স্বাভাৱিক। এই পৃথিৱীৰ ধূলিত ৭০০ কোটি বছৰ পুৰণি কণিকাৰো আছে স্পৰ্শ!

১৯৬৯ চনৰ ২৬ ছেপ্টেম্বৰ, স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত। অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ মাৰ্চিছন গাঁৱৰ সমীপত আকাশৰ পৰা উজ্জ্বল অগ্নিগোলকৰ ৰূপত ভূপৃষ্ঠত পৰিছিল এটা বৃহৎ উল্কাপিণ্ড। ১৩ বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত বিয়পি পৰিছিল এই উল্কাপিণ্ডটো। টুকুৰাবোৰ সংগ্ৰহ কৰাৰ পাছত উল্কাপিণ্ডটোৰ ওজন আছিল ১০০ কিলোগ্ৰামতকৈ অধিক। পৰৱৰ্তী সময়ত এই উল্কাপিণ্ডটোক ‘মাৰ্চিছন উল্কাপিণ্ড’ বুলি জানিবলৈ পোৱা গৈছিল।

কণ্ড্ৰাইট জাতীয় এই উল্কাপিণ্ডতো পোৱা গৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি পদাৰ্থৰ অৱস্থিতি। মাৰ্চিছন উল্কাপিণ্ডত  আছে ছিলিকন কাৰ্বাইড, যিটো পৃথিৱীত এতিয়ালৈকে পোৱা আটাইতকৈ পুৰণি পদাৰ্থ হিচাপে বিবেচিত হৈছে। ২০২০ চনৰ জানুৱাৰী মাহত গৱেষকসকলে প্ৰকাশ কৰিছিল যে, মাৰ্চিছন উল্কাপিণ্ডত থকা ছিলিকন কাৰ্বাইড ৭০০ কোটি বছৰ পুৰণি! অৰ্থাৎ পৃথিৱীৰ বয়সতকৈ (৪৫৪ কোটি বছৰ) এই পদাৰ্থৰ বয়স প্ৰায় ২৫০ কোটি বছৰ বেছি। 

আমেৰিকাৰ জাৰ্নেল অৱ দ্য নেচনেল একাডেমী অৱ ছাইন্সত বিষয়টোক লৈ প্ৰকাশ পাইছে এক গৱেষণা। গৱেষকসকলে কয় যে, পৃথিৱী আৰু সৌৰজগততকৈও পুৰণি এই পদাৰ্থটো প্ৰকৃততে আন্তঃনক্ষত্ৰীয় ধূলি, যিটো মৃত্যুমুখী তৰাবোৰে বিশ্বব্ৰহ্মাণ্ডলৈ নিৰ্গত হোৱা প্ৰাক-সৌৰ কণাৰে গঠিত। সাধাৰণতে প্ৰায়বোৰ প্ৰাক-সৌৰ কণিকাৰ দৈৰ্ঘ্য ১ মাইক্ৰন বা তাতকৈ কম হয়। কিন্তু মাৰ্চিছন উল্কাপিণ্ডত পোৱা প্ৰাক-সৌৰ কণাবোৰৰ দৈৰ্ঘ্য ২-৩০ মাইক্ৰন বুলি জানিবলৈ পোৱা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?