--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে - পেহেলগামৰ হত্যাকাৰীবোৰক পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি বিচৰা হ'ব আৰু তেওঁ প্রতিশ্রুতি দিয়ে যে 'প্রতিটো সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকক চিনাক্ত কৰা হ'ব, সিহঁতৰ সন্ধান উলিওৱা হ'ব তথা শাস্তি বিহা হ'ব।' 

২৬জন লোকৰ মৃত্যু হোৱা নৃশংস পেহেলগাম আক্ৰমণৰ পাছত প্ৰথম বাৰৰ বাবে দিয়া ভাষণত বিহাৰৰ মধুবনীত প্ৰধানমন্ত্ৰীয়ে হিন্দীৰ মাজতে কিছু সময় ইংৰাজীত ভাষণ দিয়ে আৰু বিশ্বলৈ এটা বার্তা প্ৰেৰণ কৰে।

তেওঁ কয়, 'আজি বিহাৰৰ মাটিৰ পৰা মই সমগ্র বিশ্বক কৈছোঁ। ভাৰতে প্রতিটো সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকক চিনাক্ত কৰিব, সিহঁতৰ সন্ধান উলিয়াব তথা শাস্তি দিব। আমি পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি সিহঁতক বিচাৰিম। সন্ত্রাসবাদে ভাৰত উদ্যম ভাঙিব নোৱাৰে। সন্ত্রাসবাদে শাস্তি নোপোৱাকৈ নাথাকে।' 

প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'ন্যায় নিশ্চিত কৰিবলৈ সকলো প্রচেষ্টাই হাতত লোৱা হ'ব। সমগ্র দেশেই এই সংকল্পত এক হৈ আছে। মানৱতাত বিশ্বাসী সকলোৱেই আমাৰ সৈতে আছে। আমাৰ সৈতে থকা বিভিন্ন দেশ আৰু সেইবোৰৰ নেতাক মই ধন্যবাদ জনাইছোঁ।' তেওঁ আৰু কয়, 'মই স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰোঁ যে এই সন্ত্রাসবাদীকেইটা আৰু যিবোৰে এই ষড়যন্ত্ৰ ৰচনা কৰিলে, সিহঁতে কল্পনা কৰিব নোৱৰা শাস্তি পাব। ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্রাসবাদীৰ প্ৰভুসকলৰ পিঠি ভাঙি দিব।' 

এই জনসভাখনৰ আৰম্ভণিতে মোদীয়ে উপস্থিত লোকসকলক এক মিনিট সময় মৌনতা অৱলম্বন কৰি পেহেলগাম আক্ৰমণত মৃত্যু হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ অনুৰোধ কৰে। পঞ্চায়তীৰাজৰ অনুষ্ঠানটোত আজি প্রধানমন্ত্রীয়ে ১৩,৪৮০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ বিহাৰত পি এম এ ৱাই-জিৰ ১ লাখ তথা পি এম এ বাই-ইউৰ ৫৪,০০০ ঘৰৰ চাবি হস্তান্তৰ কৰি 'গৃহ প্ৰৱেশ' অনুষ্ঠান সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ২ লাখ আত্মসহায়ক গোটৰ মাজত ৯৩০ কোটি টকা বিতৰণ কৰে। তদুপৰি মোদীয়ে সমগ্র দেশৰ পি এম এ বাই-জিৰ ১০ লাখ হিতাধিকাৰীলৈ কিস্তি মুকলি কৰাৰ উপৰি পি এম এ ৱাই-জিৰ নতুন ১৫ লাখ হিতাধিকাৰীলৈ অনুমোদন পত্র হস্তান্তৰ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?