--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপৃথিৱীলৈ পুনৰ উভতি আহিব নেকি হিম যুগ!  তেনে এক ভয়ংকৰ চিন্তাই এতিয়া ক্ৰিয়া  কৰিছে বিশ্বৰ বহু বিজ্ঞানীৰ মনত। কাৰণ উত্তৰ গোলাৰ্ধৰ শীতল মহাসাগৰসমূহক তাপ প্ৰদান কৰি অহা উপসাগৰীয় সোঁত(গাল্ফ ষ্ট্ৰীম)  বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। 

যদি তেনে ঘটনা ঘটে তেন্তে উত্তৰ গোলাৰ্ধত বৰফৰ পৰিমাণ ভাবিব নোৱাৰা ধৰণে বাঢ়ি যাব আৰু সেই বৰফৰ আস্তৰণে পৃথিৱীৰ বিশাল এলেকা আগুৰি পেলাব।  ফলত  বিশ্বই পুনৰ  হিম যুগৰ বিপদৰ সন্মুখীন হ’ব পাৰে। উল্লেখ্য সাগৰৰ তলেৰে  বিষুৱৰেখাৰ ওচৰত, মহাসাগৰৰ পানী গৰম হৈ উত্তৰদিশে প্ৰবাহিত হয়। গাল্ফ ষ্ট্ৰীমে উত্তৰ গোলাৰ্ধক কিছু পৰিমাণে তাপৰ যোগান ধৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে গলি যোৱা হিমবাহবোৰৰ বাবেই  উপসাগৰীয় প্ৰবাহ  বন্ধ হোৱাৰ উপক্ৰম ঘটাইছে। ফলত অতিৰিক্ত তাপৰ উৎস অবিহনে উত্তৰ আমেৰিকা, এছিয়া আৰু ইউৰোপৰ কিছু অংশত গড় তাপমাত্ৰা কেইবা ডিগ্ৰীলৈ হ্ৰাস হোৱাৰ আশংকা  আছে।

ফলত  সমগ্ৰ পৃথিৱীত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।  হলিউডৰ চলচ্চিত্ৰ দ্য ডে আফটাৰ টুমৰোত এনে ভয়াৱহ দিনৰ ছবিয়েই দেখুওৱা হৈছে। ছবি খনে  ২০০৪ চনত মুক্তি লাভ কৰিছিল।ছবিখনে  কাল্পনিক ধাৰণা আৰু দৃশ্যৰ সংযোগ কৰিছিল যদিও ছবি খনৰ  কথাবোৰ পৃথিৱীৰ বাবে এক সম্ভাৱ্য সত্য হ'ব পাৰে। 

বিজ্ঞানীসকলে আটলান্টিক মহাসাগৰৰ প্ৰবাহ বন্ধ হোৱাৰ বিষয়েও সতৰ্ক কৰি দিছে। নেডাৰলেণ্ডৰ ইউট্ৰেক্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৃথিৱীত হিম যুগৰ আশংকাৰ কথা তথ্য সহকাৰে প্ৰকাশ কৰিছে। ইউট্ৰেক্ট বিশ্ববিদ্যালয়ৰ জলবায়ু বিজ্ঞানী আৰু সামুদ্ৰিক বিশেষজ্ঞ ৰেনে ভান ৱেষ্টেনে কয়, "আমি ধ্বংসৰ কাষ চাপি গৈছো, কিন্তু আমি নিশ্চিত নহয় যে ধ্বংস আৰমাৰ কিমান  ওচৰ চাপি আহিছে।" 

তেওঁ এইবুলিও  কৈছে  যে সকলো কথা  আজিৰ সময়ত মানুহৰ কাৰ্যৰবাবে হোৱা   জলবায়ু পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব। গাল্ফ ষ্ট্ৰীম হৈছে আটলাণ্টিক মেৰিডিওনেল অভাৰটাৰ্ণিং চাৰ্কুলেচন (এএমঅচি) নামৰ অধিক বহলভাবে বিস্তৃত  সোঁতৰ  এটা অংশ। ইয়াক মহাসাগৰৰ কনভেয়াৰ বেল্ট বুলি কোৱা হয় আৰু ই  উত্তৰ গোলাৰ্ধলৈ গৰম পানী পৰিবহন কৰে। গৰম পানীয়ে উত্তৰ আটলাণ্টিক পোৱাৰ পিছত তাপ মুকলি কৰে। ইয়াৰ পিছত ই হিমায়িত হয় আৰু  সাগৰৰ পানীত নিমখ এৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?