ডিজিটেল ডেস্কঃ ভাৰতীয় মানুহে চাহ খাই বহুত ভাল পায়৷ ভাৰতীয় মানুহে দিনটোৰ আৰম্ভণি একাপ চাহেৰে কৰে। দুপৰীয়া, বিয়লি আৰু সন্ধিয়াও মানুহে চাহৰ জুতি লয়। ভাৰতত চাহ এক প্ৰকাৰৰ নিচা। বহু মানুহে গাখীৰ চাহ খাই ভালপায়।

কিন্তু চাহ বনোৱাৰ শুদ্ধ উপায় কি জানেনে? চাহপাত আমি পানীৰ লগত দিব লাগে নে গাখীৰৰ লগত? গাখীৰ আগত দিব লাগে নে পাছত দিব লাগে? আজি আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিম।
চাহ বনোৱাৰ নিখুঁত উপায়
চাহৰ সোৱাদ বৃদ্ধিৰ বাবে চাহপাতৰ মান আৰু ইয়াৰ সঠিক ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। প্ৰথমে পানী উতলাব লাগে। পানী উতলাৰ পাছত গাখীৰ দিব লাগে আৰু এক মিনিটৰ পিছত চাহপাত দিব লাগে। এনে পৰিস্থিতিত চাহত কোনো কেঁচা ভাৱ নাথাকিব আৰু যিকোনো কাৰণত গাখীৰ ফাটি হোৱাৰ সম্ভাৱনাও নাইকিয়া হ’ব। এই সকলোবোৰ কৰাৰ পিছত চাহখিনি কমেও ৬ মিনিট মান সিজাব লাগে যাতে চাহপাতৰ সোৱাদ সম্পূৰ্ণকৈ ওলাই যায়। তেতিয়া আপোনাৰ নিখুঁত চাহ সাজু হ’ব।

কোনবোৰ ভুলৰ বাবে চাহৰ সোৱাদ ভাল নহয়?
মানুহে প্ৰায়ে গাখীৰ উতলাৰ পিছত পানী দি তাৰ লগে লগে চাহপাত যোগ কৰে। এনে অৱস্থাত চাহৰ সোৱাদ সঠিক নহয়।