--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰতি বছৰে ২ মিলিমিটাৰ বৃদ্ধি পাইছে। এভাৰেষ্টৰ গুৰিতে শিল-মাটি খহাই থকা এখন নদীৰ বাবে ইয়াৰ উচ্চতা বাঢ়িছে বুলি অধ্যয়নত প্ৰকাশ পাইছে। গৱেষকসকলে জনাইছে যে এভাৰেষ্ট স্বাভাৱিক উচ্চতাতকৈ ১৫-৫০ মিটাৰ উচ্চতাত আছে। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ (ইউচিএল) গৱেষকসকলে জানিবলৈ দিয়া মতে, ৭৫ কিলোমিটাৰ দূৰৰ অৰুণ নদী অৱবাহিকাত হোৱা ভূমিস্খলনৰ বাবে প্ৰতি বছৰে বিশ্বৰ সৰ্বোচ্চ শৃংগটো ২ মিলিমিটাৰ বৃদ্ধি পাইছে।

Mount Everest | Height, Location, Map, Facts, Climbers, & Deaths |  Britannica


অধ্যয়নৰ সহ-লেখক এডাম স্মিথে এক সাক্ষাৎকাৰত কয় যে, ‘এয়া জাহাজৰ পৰা সামগ্ৰী পেলোৱাৰ দৰেই। জাহাজখন পাতল হৈ পৰাৰ বাবে যেনেকৈ পানীৰ আৰু অলপ ওপৰলৈ ভাঁহি আহে। বিজ্ঞানীসকলে কয় যে ৪ৰ পৰা ৫ কোটি বছৰ পূৰ্বে ভাৰতীয় আৰু ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষৰ বাবে সৃষ্টি হোৱা চাপৰ ফলত হিমালয়ৰ সৃষ্টি হৈছে। প্লেট টেকটনিকৰ বাবে হিমালয়ৰ উচ্চতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।


ইউচিএলএৰ গৱেষকসকলে কয় যে অৰুণ নদীৰ মেৰপাকে পাহাৰটোৰ বৃদ্ধিত সহায় কৰিছে। গৱেষকসকলে ব্যাখ্যা কৰে যে অৰুণ নদীখনে হিমালয়ৰ মাজেৰে বৈ যোৱাৰ লগে লগে পৃথিৱীৰ খোলাৰ পৰা পদাৰ্থবোৰ (নদীৰ তল) কাটি পেলায়। ইয়াৰ ফলত খোলাৰ তলৰ পৰৱৰ্তী স্তৰৰ ওপৰত চাপ কমি যায়, যাৰ ফলত খোলাটো নমনীয় হৈ ওপৰলৈ ওপঙি যায়। ইয়াক আইছ’ষ্টেটিক ৰিবাউণ্ড বোলা হয়।

Mount Everest isn't Earth's tallest mountain, this dormant volcano takes  the crown

এক গৱেষণাত কোৱা হৈছে যে এই উৰ্ধমুখী শক্তিয়ে এভাৰেষ্ট আৰু বিশ্বৰ চতুৰ্থ আৰু পঞ্চম সৰ্বোচ্চ শৃংগ লোট্চে আৰু মাকালুকে ধৰি অন্যান্য চুবুৰীয়া শৃংগবোৰক ওপৰলৈ ঠেলি দিছে। বিবিচিয়ে নিজৰ প্ৰতিবেদনত অধ্যয়নৰ সহ-লেখক ড০ মেথিউ ফক্সৰ উদ্ধৃতি দি কয় যে মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ ওচৰৰ শৃংগসমূহ বৃদ্ধি পাইছে কাৰণ আইছ’ষ্টেটিক ৰিবাউণ্ডে কম কৰাতকৈ বেছি দ্ৰুতগতিত ওপৰলৈ তুলিছে।

তেওঁ আগলৈ কয়, ‘জিপিএছৰ সহায়ত আমি এভাৰেষ্টৰ বছৰি প্ৰায় দুই মিলিমিটাৰ উচ্চতা বৃদ্ধি হোৱা দেখিবলৈ পাওঁ আৰু এতিয়া আমি কিয় এনেকুৱা হৈছে সেই বিষয়ে ভালদৰে বুজি পাইছো। এই অধ্যয়নৰ সৈতে জড়িত নোহোৱা কিছুমান ভূতত্ত্ববিদে কয় যে এই তত্ত্ব বিশ্বাসযোগ্য কিন্তু গৱেষণাত এতিয়াও বহু কথা অনিশ্চিত হৈ আছে।’


What to know about climbing Mount Everest

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?