--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজধানী ঢাকাত সেনাৰ টহলত পৰিস্থিতি উত্তাল হৈ পৰিছে। এই পদক্ষেপে দেশখনত ইতিমধ্যে চলি থকা ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰিছে। নৱগঠিত নেশ্যনেল চিটিজেন পাৰ্টিয়ে এই পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ সেনাক দোষাৰোপ কৰি সেনাই ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

যোৱা কেইমাহমানত এন চি পিৰ বিশিষ্ট নেতাগৰাকীয়ে মহম্মদ ইউনুছৰ পৰা সমৰ্থন লাভ কৰিছিল। অৱশ্যে একেখিনি নেতাই সেনাক "ৰাজনৈতিক হস্তক্ষেপ"ৰ অভিযোগ উত্থাপন কৰিছে। এন চি পিৰ বিশিষ্ট নেতা হাছনাত আব্দুল্লাই সংবাদমেলত কয় যে আগন্তুক নিৰ্বাচনত আৱামী লীগক অংশগ্ৰহণৰ অনুমতি দিয়াৰ বাবে সেনাবাহিনীৰ প্ৰস্তাৱটো আচলতে ৰাজনৈতিক হস্তক্ষেপৰ উদাহৰণ। তেওঁ স্পষ্টভাৱে কৈছিল যে "মুক্ত বাংলাদেশত সামৰিক হস্তক্ষেপ গ্ৰহণযোগ্য নহ'ব।"

প্ৰতিবাদী সমাৱেশত এন চি পি সমৰ্থকে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ জামানৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল। এই সমাৱেশসমূহত শ্বেখ হাছিনা আৰু তেওঁৰ সমৰ্থকসকলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰা হৈছে। যদিও সেনাই বিশ্ববিদ্যালয় চৌহদলৈ যোৱা নাছিল, তথাপিও ৰাজধানীত তেওঁলোকৰ টহল অব্যাহত আছে, যাৰ বাবে পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰিছে।

হাছনাত আব্দুল্লাই নিজৰ ফেচবুক পোষ্টত দাবী কৰিছে যে আৱামী লীগক পুনৰ ক্ষমতালৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ কয় যে ১১ মাৰ্চত "সামৰিক" কেণ্টনমেণ্টত এটা অফাৰ দিয়া হৈছিল, যিটো তেওঁক গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

যোৱা বছৰৰ আগষ্ট মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত শ্বেখ হাছিনাৰ ১৬ বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছতে অধ্যাপক যয়ুনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। 

ইউনুছে তেওঁৰ প্ৰাক্তন এছ এ ডিৰ তিনিজন নেতাক নৱগঠিত এন চি পিৰ গুৰুত্বপূৰ্ণ পদতো নিযুক্তি দিছিল। এই সময়ছোৱাত ৰাজনৈতিক অস্থিৰতাই দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈও বহু প্ৰশ্নৰ উত্থাপন কৰিছে, য’ত নিকা আৰু মুক্ত নিৰ্বাচনৰ দাবীয়ে গতি লাভ কৰিছে।

ইয়াৰ মাজতে বৈতুল মুকাৰৰাম মছজিদৰ সমীপত কেইবাটাও ইছলামিক সংগঠনে আয়োজন কৰা ধাৰাবাহিক প্ৰতিবাদী সমদলৰ পিছতে সমগ্ৰ ঢাকাত বাংলাদেশ সেনাই অভিযান তীব্ৰতৰ কৰি তুলিছে। শুকুৰবাৰে পেলেষ্টাইনত ইজৰাইলৰ কাৰ্যকলাপ আৰু ভাৰতত মুছলমানৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰে।

সম্ভাৱ্য হিংসাৰ আগজাননী দি সেনাকে ধৰি আইন প্ৰয়োগকাৰী সংস্থাই জুমাৰ নামাজৰ পূৰ্বে মছজিদ অঞ্চল আৰু ইয়াৰ আশে-পাশে নিজৰ উপস্থিতি বৃদ্ধি কৰে। আৰক্ষী আৰু সেনা দুয়োজনেই মছজিদৰ প্ৰৱেশদ্বাৰত তালাচী চলায়, আনহাতে নাইটিংগেল ছেক্সনত সীমান্তৰক্ষী বাংলাদেশৰ সদস্যসকলে নিয়োজিত হৈ থাকে। ইয়াৰ উপৰিও সমগ্ৰ ঢাকাৰ বিভিন্ন ৰাজপথ আৰু আলিবাটত সেনাৰ টহল বৃদ্ধি পোৱা দেখা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?